ভাৰতৰ য়ুকি ভাম্বৰি আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰবাৰ্ট গেলোৱেই পেৰিচত অনুষ্ঠিত ফ্রেন্স অ‘পেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ এখন সংঘৰ্ষপূৰ্ণ খেলত জয়লাভ কৰিছে। ভাম্বৰি আৰু গেলোৱেৰ যুটীটোৱে কালি প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডৰ এখন খেলত ৰবিন হাছে আৰু হেনড্রিক জেবেন্ছৰ যুটীটোক ৬-৩, ৬-৭, ৬-৩ ছেটত পৰাস্ত কৰে। ভাৰতৰ ৰোহন বোপান্না আৰু চেক গণৰাজ্যৰ এডম পাৱ ছেকৰ যুটীটোৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰবাৰ্ট কেছ আৰু জে জে ট্রেছিৰ যুটীটোক ৭-৬, ৫-৭, ৬-১ ছেটত পৰাস্ত কৰি প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত প্ৰবেশ কৰিছে।
পুৰুষৰ ছিংগলছত যোগ্যতা নিৰূপনৰ খেলেৰে মূল প্রতিযোগিতাত স্থান লাভ কৰা ইটালীৰ মেটেঅ গিংগাটেই কালি বৃহৎ অঘটন ঘটাই পূর্বতে ফাইনেলত স্থান লাভ কৰা গ্ৰীচৰ ষ্টেফান‘ছ ছিটছিপাছক ৬-৪, ৫-৭, ৬-২, ৬-৪ ছেটত পৰাভূত কৰি প্ৰথমবাৰৰ বাবে আগশাৰীৰ প্ৰতিযোগিতাৰ তৃতীয় ৰাউণ্ডত প্ৰৱেশ কৰে।