ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 5, 2024 12:15 PM | French open

printer

গ্ৰেণ্ডশ্লাম টেনিছ প্রতিযোগিতা ফ্ৰেন্স অ’পেনৰ পৰা ন’ভাক জ’ক’ভিচৰ নাম প্ৰত্যাহাৰ

ছাৰ্বিয়াৰ ন’ভাক জ’ক’ভিচে চলিত গ্ৰেণ্ডশ্লাম টেনিছ প্রতিযোগিতা ফ্ৰেন্স অ’পেনৰ পৰা মাজভাগতে নাম প্ৰত্যাহাৰ কৰি নিজৰ অভিযান সামৰিছে। পুৰুষৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা জ’ক’ভিচে খেলখনৰ প্ৰাক মুহূৰ্তত সামাজিক মাধ্যমযোগে নাম প্রত্যাহাৰ কৰাৰ বিষয়ে অৱগত কৰে। আঘাতৰ বাবে তেওঁ এই সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে অভিলেখসংখ্যক ২৪ টা গ্ৰেণ্ডশ্লাম খিতাপ জয় কৰা জ’ক’ভিচে ৪ ঘণ্টা ২৯ মিনিট ধৰি চলা এখন খেলত ইটালীৰ লৰেঞ্জোক পৰাস্ত কৰি চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ কৰাৰ পাছত আৰ্জেণ্টিনাৰ ফ্ৰান্সিস্ক’ৰ বিৰুদ্ধে জয়ী হৈ অন্তিম ৮ ত প্ৰৱেশ কৰিছিল।