ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 31, 2025 1:39 PM | Sivraj Chauhan

printer

FPO সমাগম ২০২৫ শীৰ্ষক অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্রী শিৱৰাজ সিং চৌহানৰ ভাষণ

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে কয়, যে দেশত বৰ্তমানলৈকে ১০ হাজাৰ কৃষক উৎপাদক সংস্থা অর্থাৎ FPO স্থাপন কৰা হৈছে আৰু ইয়াৰে কিছু সংখ্যক FPOৰ ব্যৱসায় ১০০ কোটি টকালৈ বৃদ্ধি হৈছে। নতুন দিল্লীত কালি দুদিনীয়াকৈ আয়োজন কৰা FPO সমাগম ২০২৫ শীৰ্ষক অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে বৰ্তমান এহেজাৰ ১০০ FPO কোটিপটীলৈ পৰিণত হৈছে। ইয়াৰ জৰিয়তে প্ৰায় ৫২ লাখ কৃষক উপকৃত হৈছে বুলি উল্লেখ কৰি তেওঁ কয়, যে চৰকাৰে এই পদক্ষেপৰ জৰিয়তে ২ কোটি কৃষকক সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। শ্রীচৌহানে কয়, যে চৰকাৰে কৃষি অর্থনীতিৰ বিকাশ তথা কৃষি সামগ্ৰীত বিবিধতা অনাৰ লক্ষ্যৰে সংহত কৃষি পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। কৃষকসকলে যাতে উচ্চমানৰ বীজ লাভ কৰিব পাৰে তাৰবাবে চৰকাৰে শীঘ্ৰেই এখন বীজ আইন ৰূপায়ণ কৰিব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। দেশত অৰ্থনীতিত কৃষকসকলৰ ভূমিকা সন্দৰ্ভত আলোকপাত কৰি শ্রীচৌহানে কয়, যে কৃষিখণ্ডত মহিলাসকলৰ সবলীকৰণৰ বাবে তেওঁলোকক ৫০ শতাংশ অংশীদাৰী প্ৰদান কৰা হ’ব। কালিৰ অনুষ্ঠানত ৫০০ৰো অধিক কৃষক, কৃষি উৎপাদক সংস্থা, ৰূপায়ণকাৰী সংস্থাকে ধৰি ২৪ খন ৰাজ্য আৰু ১৪০ খন জিলাৰ ক্লাষ্টাৰ আধাৰিত ব্যৱসায়ী সংস্থাই অংশগ্ৰহণ কৰে ।