ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্রী চম্পাই ছোৰেনে কালি ৰাঁচীত অনুষ্ঠিত এটা অনুষ্ঠানত বিজেপিত যোগদান কৰে। ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰাক্তন নেতাৰ পুত্ৰ বাবুলাল ছোৰেনে বিজেপিত যোগদান কৰে। অনুষ্ঠানত বাবুলাল মাৰাণ্ডী, শিৱৰাজ সিং চৌহান আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপিৰ বহুকেইগৰাকী জ্যেষ্ঠ নেতা উপস্থিত আছিল। অনুষ্ঠানত শ্ৰীছোৰেনে বাংলাদেশৰ পৰা হোৱা ব্যাপক অনুপ্ৰৱেশৰ বাবে ৰাজ্যখনৰ চাওতাল পৰগানা অঞ্চলত ভাবুকিৰ সন্মুখীন হোৱা জনজাতীয় লোকসকলৰ পৰিচয় আৰু অস্তিত্ৱ ৰক্ষাৰ স্বাৰ্থতহে বিজেপিত যোগদান কৰা বুলি প্ৰকাশ কৰে। তেওঁ কয় যে, অনুপ্ৰৱেশে ৰাজ্যখনৰ জনগাঁথনি যথেষ্ঠ সলনি কৰিছে। উল্লেখযোগ্য যে, চম্পাই ছোৰেনে যোৱা বুধবাৰে ঝাৰখণ্ড মুক্তি মৰ্চাৰ পৰা পদত্যাগ কৰিছিল। ক’লা ধন বৈধকৰণ গোচৰত বিধিবলৱৎকাৰী সঞ্চালকালয়ে মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক গ্ৰেপ্তাৰ কৰাৰ পাছত যোৱা ফেব্ৰুৱাৰীত তেওঁ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লৈছিল। পাছত জুলাইত জামিন লাভ কৰাৰ পাছত হেমন্ত ছোৰেনে পুনৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰে।
Site Admin | August 31, 2024 12:43 PM | Former Jharkhand CM Champai Soren Joins BJP
ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্রী চম্পাই ছোৰেনৰ বিজেপিত যোগদান
