ডাউনলোড
মোবাইল এপ

android apple
signal

August 18, 2025 1:09 PM | pilik chowdhary

printer

আজিৰ পৰা গুৱাহাটী আৰু সোণাপুৰত পিলিক চৌধুৰী সোঁৱৰণী ১৫ বছৰ অৰ্নুদ্ধ ল’ৰাৰ আন্তঃজিলা বিদ্যালয় ফুটবল প্রতিযোগিতা অনুষ্ঠিত

ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত আজিৰপৰা গুৱাহাটী আৰু সোণাপুৰত পিলিক চৌধুৰী সোঁৱৰণী ১৫ বছৰ অৰ্নুদ্ধ লৰাৰ আন্তঃজিলা বিদ্যালয় ফুটবল প্রতিযোগিতা অনুষ্ঠিত হব। ৰাজ্যৰ মুঠ ৩৫ খন জিলাৰ দল তথা প্ৰায় ৭০০ খেলুৱৈ আৰু বিষয়াই প্রতিযোগিতাখনত যোগদান কৰিছে। প্ৰতিযোগিতাৰ খেলসমূহ গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ক্রীড়া প্ৰকল্পৰ নেহৰু ষ্টেডিয়ামৰ দুখনকৈ খেলপথাৰৰ লগতে সোণাপুৰৰ তেপেচীয়াত থকা এল এন আই পি ইৰ ফুটবলৰ গ্ৰাউণ্ডত হব। গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত আজি বিয়লি ৩ বজাত প্রতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হব। নক আউট পদ্ধতিৰে হবলগীয়া প্ৰতিযোগিতাখনত মুঠ ৩৪ খন খেল অনুষ্ঠিত হব। আজি তিনিওখন খেলপথাৰতে মুঠ ১৫ খেল হব। কাইলৈ দ্বিতীয় ৰাউণ্ড আৰু কোৱাৰ্টাৰ ফাইনেলসহ মুঠ ১২ খন খেল অনুষ্ঠিত হব। ২০ আগষ্টত ছেমি ফাইনেলসহ ছখন খেল আৰু ২১ আগষ্টত নেহৰু ষ্টেডিয়ামত ফাইনেল খেলখন অনুষ্ঠিত হব। উল্লেখযোগ্য যে এই ৰাজ্যিক প্ৰতিযোগিতাৰ চেম্পিয়ন দলটোৱে বেংগালুৰুত হবলগীয়া সুব্রত কাপ ফুটবল ১৫ বছৰ অৰ্নুদ্ধ প্ৰতিযোগিতাত অসমক প্রতিনিধিত্ব কৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।