November 17, 2025 1:20 PM | Football

printer

টছেন বৰা সোঁৱৰণী প্ৰথম বার্ষিক ফুটবল প্রতিযোগিতাত উত্তৰ-পূব সীমান্ত ৰে’লৱে দলৰ খিতাপ অৰ্জন

নাহৰকটীয়া ক্রীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত টছেন বৰা সোঁৱৰণী প্ৰথম বার্ষিক ফুটবল প্রতিযোগিতাৰ কালি নিশা অনুষ্ঠিত চূড়ান্ত খেলত উত্তৰ-পূব সীমান্ত ৰেলৱে ফুটবল দলে খিতাপ অর্জন কৰে। উত্তৰ-পূব সীমান্ত ৰেলৱে ফুটবল দলে ইউনাইটেড চিৰাংদুৱাৰ ফুটবল দলক ৩-০ গলত পৰাস্ত কৰে। কালি অনুষ্ঠিত চূড়ান্ত খেলত ক্রীড়া মন্ত্রী নন্দিতা গার্লোচা, মন্ত্রী ৰূপেশ গোৱালা, বিধায়ক তৰংগ গগৈ, তেৰছ গোৱালা আদিও অংশগ্ৰহণ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।