ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 28, 2025 12:19 PM | Football

printer

১৭ বছৰ অনূর্ধ মহিলাৰ ছাফ ফুটবল চেম্পিয়নশ্বিপত ভাৰতৰ দমনীয় প্রদর্শন অব্যাহত

ভাৰতে চলিত বৰ্ষৰ ১৭ বছৰ অনূর্ধ মহিলাৰ ছাফ ফুটবল চেম্পিয়নশ্বিপত দমনীয় প্রদর্শন অব্যাহত ৰাখিছে। প্রতিযোগিতাৰ কালি ভূটানৰ থিঙ্কুৰ চাংলিমিথাং ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ভাৰতে ঘৰুৱা দলটোক ৫-০ ফলাফলত পৰাস্ত কৰে। এয়া হল প্ৰতিযোগিতাখনত ভাৰতৰ ক্ৰমাগত চতুর্থ বিজয়। ভাৰত সম্প্ৰতি প্ৰতিযোগিতাৰ পইণ্ট তালিকাত ১২ পইণ্টেৰে শীৰ্ষস্থানত আছে। দ্বিতীয় স্থানত থকা বাংলাদেশে এতিয়ালৈ ৯ পইণ্ট অৰ্জন কৰিবলৈ সমৰ্থ হৈছে।

প্ৰতিযোগিতাত চাৰিদিন পূর্বে অনুষ্ঠিত আন এখন খেলত ভাৰতে ভূটানক ৮-০ ফলাফলত পৰাস্ত কৰিছিল। কালিৰ খেলখনত অনুষ্কা কুমাৰীয়ে দুটা গ’ল দিয়ে। এইপর্যন্ত প্রতিযোগিতাৰ চাৰিখন খেলত ভাৰতে মুঠ ২২ গ’ল দিয়াৰ বিপৰীতে প্ৰতিপক্ষই ভাৰতক গল দিবলৈ সমৰ্থ হোৱা নাই।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।