নতুন বছৰৰ পহিলা দিনত গুৱাহাটীৰ পল্টন বজাৰৰ পদপথ সেঁতু আনুষ্ঠানিকভাৱে মুকলি

ৰাজ্য চৰকাৰৰ আন্তঃগাঁথনিমূলক উন্নয়নৰ পদক্ষেপ হিচাপে নতুন বছৰৰ পহিলা দিনটোত গুৱাহাটীৰ পল্টন বজাৰত পদপথ সেঁতু আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব। ২০২১-২২ বৰ্ষৰ ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ অধীনত প্ৰায় এহেজাৰ ৬৬৬ কোটি টকা ব্যয়ৰে এই পদপথ সেঁতু নিৰ্মাণ কৰি উলিওৱা হৈছে। একেটা দিনতে শিলপুখুৰীত ভাৰতৰত্ন গোপীনাথ বৰদলৈ সমাধি স্থলত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ আৱক্ষ মূৰ্তি উদ্বোধন কৰা হ’ব। এক কোটি ২৬ লাখ টকা ব্যয়ৰে নিৰ্মিত প্ৰকল্পটোৰ অধীনত পুথিভঁৰাল ভৱন, শিশুৰ খেল-ধেমালি ক্ষেত্ৰ আদিৰ নিৰ্মাণ কৰা হৈছে। দুয়োটা প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ডº হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। মুখ্যমন্ত্ৰীয়ে ইয়াৰ লগতে কাইলৈ আবেলি গুৱাহাটীৰ জ্যোতি চিত্ৰবনত নিৰ্মাণ কৰিবলগীয়া এহেজাৰ আসনযুক্ত অত্যাধুনিক প্রেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।