June 7, 2024 8:04 PM | Food safty day

printer

বিশ্ব খাদ্য সুৰক্ষা দিৱস উপলক্ষে শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সভা অনুষ্ঠিত

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আজি বিশ্ব খাদ্য সুৰক্ষা দিৱস উপলক্ষে এখন সভা অনুষ্ঠিত হয়। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অন্তৰ্গত খাদ্য সুৰক্ষা আয়ুক্তালয়ৰ উদ্যোগত আয়োজিত এই সভাত স্বাস্থ্য বিভাগৰ লগতে আন কেইবাটাও বিভাগৰ বিষয়া- কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত অপ্ৰত্যাশিত পৰিস্থিতিৰ বাবে প্রস্তুতি বিষয় সন্দৰ্ভত কেইবাগৰাকীও জ্যেষ্ঠ বিষয়াই ভাষণ দিয়ে। সভাত সঠিক পৰিমাণৰ তথা সুৰক্ষিত খাদ্য গ্ৰহণৰ ক্ষেত্ৰত চৰকাৰ তথা জনসাধাৰণৰ দায়বদ্ধতা সন্দৰ্ভত কেইবাগৰাকীও বক্তাই গুৰুত্ব আৰোপ কৰে। পৰম্পৰাগত পদ্ধতিৰে গোবৰ সাৰ ব্যৱহাৰ কৰি খেতি কৰাৰ সময়ত অসুৰক্ষিত খাদ্যৰ প্ৰত্যাহ্বান নাছিল যদিও কৃষি আধুনিকীকৰণৰ লগে লগে ৰাসায়নিক সাৰ, কীটনাশক আদিৰ অনিয়ন্ত্ৰিত প্ৰয়োগে খাদ্যসুৰক্ষাৰ প্ৰতি লৈ অহা ভাবুকি সন্দৰ্ভত বৈঠকত আলোকপাত কৰা হয়। এই দিৱসৰ সৈতে সংগতি ৰাখি আজি ভ্রাম্যমাণ বাহনৰ জৰিয়তে সুৰক্ষিত খাদ্য সম্পৰ্কীয় হাতপুথি আদি বিতৰণ কৰি জনসাধাৰণক সজাগ কৰোৱাৰ প্ৰচেষ্টা চলোৱা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।