ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ভেজাল খাদ্য চিনাক্তকৰণ আৰু বিক্ৰী ৰোধৰ উদ্দেশ্যে ভাৰতৰ খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণৰ পদক্ষেপ

ভাৰতৰ খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণে ভেজাল খাদ্য চিনাক্তকৰণ আৰু ইয়াৰ বিক্ৰী ৰোধ কৰাৰ উদ্দেশ্যে শেহতীয়াকৈ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। এই উদ্দেশ্যে প্ৰাধিকৰণে খাদ্য পৰীক্ষা নিৰ্দেশনা পুথি মুকলি কৰাৰ লগতে খাদ্য পৰীক্ষা কৰা বাহন আৰু সজুলিৰ জৰিয়তে ভেজাল খাদ্য প্ৰতিৰোধ কৰাৰ ব্যৱস্থা লৈছে। ভেজাল চিনাক্তকৰণ পুথিৰ সহায়ত উপভোক্তাই ঘৰৰ খাদ্য সামগ্ৰীত সাধাৰণতে হোৱা ভেজাল চিনাক্ত কৰিব পাৰিব। ইয়াৰ সহায়ত গাখীৰ, তেল, চেনি, মছলা আদিৰ ভেজালকৰণ চিনাক্ত কৰিব পাৰিব। প্ৰাধিকৰণে ফুড ছেফ্‌টী অন হুইলছ শীৰ্ষক ব্যৱস্থাৰে খাদ্য কঢ়িওৱা ভ্রাম্যমান বাহনত খাদ্য সামগ্ৰীৰ ভেজাল ক্ষীপ্ৰতাৰে ধৰা পেলাবলৈ সমৰ্থ হ’ব। ইয়াৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে খাদ্য সুৰক্ষা প্ৰাধিকৰণে ফুড ছেফ্‌টী মেজিক বক্স নামৰ খাদ্য সুৰক্ষা পৰীক্ষা কিট এটা মুকলি কৰিছে। এই কিটৰ সৰু বাকচটোত এখন নির্দেশনা পুথিও দিয়া হৈছে আৰু ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে খাদ্য সামগ্ৰীৰ ভেজাল ধৰা পেলাবলৈ ১০০টা পৰীক্ষা সম্পন্ন কৰিব পাৰিব। সমগ্ৰ দেশৰ জনসাধাৰণৰ মাজত খাদ্য সামগ্ৰীক লৈ সজাগতা সৃষ্টি কৰাৰ বাবে খাদ্য সুৰক্ষা প্ৰাধিকৰণে এনেধৰণৰ ব্যৱস্থা লৈছে।