ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

January 8, 2025 1:52 PM | fog

printer

ঘন কুঁৱলীৰ বাবে উত্তৰ অঞ্চলত কেইবাখনো ৰে’ল আৰু বিমান যাত্ৰাৰ সময়সূচীত প্ৰভাৱ

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে জনোৱা অনুসৰি সমগ্ৰ উত্তৰ ভাৰতক ঘন কুঁৱলীয়ে আৱৰি ধৰিছে। আগন্তুক ৩-৪ দিনত পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড়, দিল্লী, উত্তৰ প্ৰদেশ, বিহাৰ, হিমাচল প্ৰদেশ আৰু ঝাৰখণ্ডৰ কিছু অঞ্চলত পুৱা আৰু নিশাৰ সময়ত অতি ডাঠ কুঁৱলী পৰাৰ সম্ভাৱনা আছে। ভাৰতৰ বতৰ বিজ্ঞান বিভাগে আজি পঞ্জাৱ, হাৰিয়ানা- চণ্ডীগড়-দিল্লী, উত্তৰ প্ৰদেশ, ৰাজস্থান আৰু উত্তৰ মধ্যপ্ৰদেশত শীতৰ ব্যাপক প্ৰভাৱ পৰিব বুলি জানিবলৈ দিছে। আজি অৰুণাচল প্ৰদেশৰো কেইবাটাও স্থানত বজ্ৰপাতৰ সম্ভাৱনা আছে। দেশৰ উত্তৰ-পশ্চিম, মধ্য আৰু পূৰ্বাঞ্চলৰ নূন্যতম তাপমাত্রা অহা দুদিনত ২ৰ পৰা ৪ ডিগ্রী চেলছিয়াছলৈ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। ঘন কুঁৱলীৰ বাবে ইতিমধ্যে দেশৰ উত্তৰ অঞ্চলত কেইবাখনো ৰেল আৰু বিমান যাত্ৰাৰ সময়সূচীত প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। দিল্লী অভিমুখী প্ৰায় ২৫খন ৰেল পাঁচ-ছয় ঘণ্টা পর্যন্ত পলম হৈছে। ইফালে, দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কুঁৱলীৰ বাবে প্ৰায় ৫০খন বিমান পলম হয়। দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ কৰ্তৃপক্ষই যাত্রীসকলক বিমান যাত্ৰাৰ শেহতীয়া তথ্যৰ বাবে সংশ্লিষ্ট বিমান সংস্থাটোৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।