কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে আজি নতুন দিল্লীত ২০২৬-২৭ বিত্তীয় বৰ্ষত কেন্দ্রীয় বাজেট সন্দৰ্ভত নগৰ উন্নয়ন খণ্ডৰ বিশেষজ্ঞ আৰু অংশীদাৰসকলৰ সৈতে দ্বাদশ প্রাক-বাজেট আলোচনাত মিলিত হয়। বৈঠকত কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব, ভাৰত চৰকাৰৰ মুখ্য অর্থনৈতিক উপদেষ্টা, বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। ইয়াৰ পূৰ্বে বিত্ত মন্ত্ৰীগৰাকীয়ে আজি কেন্দ্রীয় বাজেট সন্দৰ্ভত আন্তঃগাঁথনি আৰু শক্তি খণ্ডৰ বিশেষজ্ঞসকলৰ সৈতে একাদশ প্রাক্-বাজেট আলোচনাত মিলিত হয়। বিত্ত মন্ত্ৰালয়ে সাধাৰণতে বাজেট দাখিলৰ পূৰ্বে প্ৰত্যেক বছৰে বিশেষজ্ঞ, উদ্যোগ জগতৰ কাণ্ডাৰী, অর্থনীতিবিদ আৰু ৰাজ্যিক বিষয়াসকলৰ সৈতে কেইবালানিও প্রাক্ বাজেট পৰামৰ্শ বৈঠকত মিলিত হয়। কেন্দ্রীয় বাজেটত বিভিন্ন দৃষ্টিভংগী আৰু অৰ্থনৈতিক অগ্ৰাধিকাৰৰ প্ৰতিফলন ঘটাটো সুনিশ্চিত কৰাই এনে আলোচনাৰ মূল উদ্দেশ্য।
Site Admin | November 21, 2025 9:22 PM | FM Sitharaman Holds 12th Pre-Budget Meeting on Urbanisation
নতুন দিল্লীত নগৰ উন্নয়ন খণ্ডৰ বিশেষজ্ঞ আৰু অংশীদাৰসকলৰ সৈতে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনৰ দ্বাদশ প্রাক-বাজেট আলোচনা