ৰাজ্যৰ যাতায়াত ব্যৱস্থাক নতুন মাত্রা দি আজি গুৱাহাটীত দুখন উৰণ সেতু উদ্বোধন কৰা হয়। ৪৭ কোটি টকা ব্যয় সাপেক্ষে আজি পাণবজাৰৰ ৬০ বছৰ পুৰণি উৰণ সেতুৰ ঠাইত ২৯০ মিটাৰ দৈৰ্ঘ্যৰ নৱনিৰ্মিত উৰণ সেতুখন উদ্বোধন কৰা হয়। এই উৰণ সেতুৱে পাণবজাৰ অঞ্চলত যানজটৰ সমস্যা হ্ৰাস কৰিব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই উৰণ সেতু উদ্বোধন কৰে। অনুষ্ঠানত গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি, পূব গুৱাহাটীৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু দিছপুৰৰ বিধায়ক অতুল বৰা উপস্থিত থাকে।
গুৱাহাটীৰ পানীখাইতিৰ নাৰেংগী-ভকতগাঁও সংযোগী পথত ৫৩৭ মিটাৰ দৈৰ্ঘ্যৰ দুই লেনযুক্ত সেতুখন কিছু সময়ৰ পাছতে উদ্বোধন কৰা হ’ব। ৬৯ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই উৰণ সেতুখন জয়ন্ত হাজৰিকা উৰণ সেতু হিচাপে নামকৰণ কৰা হৈছে। এই উৰণ সেতুৱে গুৱাহাটীৰ সৈতে চন্দ্ৰপুৰ আৰু মৰিগাঁৱকে ধৰি কাষৰীয়া অঞ্চলৰ যাতায়াত সূচল কৰাৰ লগতে পানীখাইতিৰ ৰে’লৱে গোটত দীঘলীয়া অপেক্ষা কৰা জনসাধাৰণক সকাহ দিব। ইয়াৰ ফলত পবিতৰা বন্যপ্রাণী অভয়াৰণ্য আৰু মায়ঙৰ দৰে পৰ্যটন স্থলীলৈ যোগাযোগ সূচল হ’ব।