যোৱা নিশাৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যখনৰ বিভিন্ন অঞ্চল জলমগ্ন হৈ পৰিছে। প্রবল বৰষুণৰ ফলত ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ খহনীয়াই পুনৰ তীব্ৰ ৰূপ ধাৰণ কৰিছে। মাইজানত খহনীয়াৰ ফলত বহু অঞ্চল ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন গৈছে। কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ডিব্ৰুগড় নগৰৰ মাইজান ঠাকুৰবাৰী আৰু বৰশইকীয়াত ব্ৰহ্মপুত্ৰ খহনীয়াই ভয়ংকৰ ৰূপ লৈছে। খহনীয়া ৰোধৰ বাবে ব্যৱস্থা কৰিবলৈ জলসম্পদ বিভাগক স্থানীয় ৰাইজে আহ্বান জনাইছে।
ওদালগুৰি জিলাৰ বিভিন্ন অঞ্চল বাঢ়নী পানীয়ে বুৰাই পেলোৱাত স্বাভাৱিক জীৱন যাত্ৰা বিঘ্নিত হৈছে। জিলাখনৰ গেলাবিল-মাজবাট সংযোগী পথটোৰ এটা অংশ বাঢ়নী পানীয়ে খহাই পেলোৱাত পথটোৰে যাতায়াত বিচ্ছিন্ন হৈছে।
প্রবল বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চল জলমগ্ন হৈ পৰিছে। অনিল নগৰ, ৰুক্মিনীগাঁও, ৰাজগড় আদিকে ধৰি কেইবাটাও অঞ্চল কৃত্রিম বানৰ কবলত পৰিছে। গুৱাহাটী পৌৰ নিগমে পানী নিষ্কাষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।