ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 5, 2025 9:43 PM | flood in assam

printer

ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ সামান্য উন্নতি, এতিয়াও ১৯খন জিলাৰ ভালেমান অঞ্চল বানৰ কবলত

ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ সামান্য উন্নতি হৈছে যদিও বিভিন্ন নৈ-উপনৈৰ জলস্তৰ বিপদসীমাৰ ওপৰত থকাৰ পৰিপ্ৰেক্ষিতত ১৯খন জিলাৰ ভালেমান অঞ্চল এতিয়াও বানৰ কবলত আছে। সাম্প্ৰতিক বানত ৰাজ্যখনত ৬ লাখ ৭৮ হাজাৰৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। যোৱা ২৪ ঘণ্টাত বানৰ ফলত দুজন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰ ফলত বছৰৰ প্ৰথমটো বানত ৰাজ্যখনত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১৪ লৈ বৃদ্ধি পাইছে। জিলা প্রশাসনসমূহে স্থাপন কৰা ১৯০টা আশ্রয় শিবিৰত ৪১ হাজাৰ ৩১৭ ৰো অধিক লোকে আশ্ৰয় লৈ আছে। এই সময়ছোৱাত ২ লাখৰো অধিক পশুধনৰো ক্ষতি হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি উত্তৰ গুৱাহাটীত বান ক্ষতিগ্ৰস্ত লোকসকলক সাক্ষাৎ কৰি পৰিস্থিতিৰ বুজ লয়। ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে আশ্ৰয়গৃহৰ ব্যৱস্থা কৰাৰ উপৰি প্ৰয়োজনীয় সাহায্য প্ৰদানৰ দিহা কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে, এছ ডি আৰ এফ আৰু এন ডি আৰ এফে কেইবাখনো জিলাত উদ্ধাৰ অভিযান চলাই আছে। বানৰ ফলত ৰাজ্যৰ বিভিন্ন স্থানত পথ, ৰে’ল আৰু ফেৰী সেৱা ব্যাহত হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ২৪ ঘণ্টাত ৰাজ্যখনত পাতলীয়াৰ পৰা বিজুলী-ঢেৰেকনিৰে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।