ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাজ্যত নেৰানেপেৰা বৰষুণৰ ফলত স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত, কেইবাখনো জিলাত ৰেড এলাৰ্ট জাৰি

ৰাজ্যত পৰহিৰে পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্য, পশ্চিমবংগৰ হিমালয়ৰ পাদদেশ অঞ্চল আৰু ছিকিমত বৰষুণৰ সম্ভাৱনালৈ চাই আজি আৰু কাইলৈৰ বাবে ৰাজ্যৰ কেইবাখনো জিলাৰ বাবে ৰেড এলার্ট জাৰি কৰিছে। বতৰ বিজ্ঞান বিভাগে লগতে পৰৱৰ্তী দুই-তিনি দিনত ৰাজ্যৰ পশ্চিম আৰু দক্ষিণ প্ৰান্তত ধাৰাষাৰ বৰষুণ হোৱাৰ আগলি বতৰা দিছে। বিভাগটোৰ বতৰা অনুসৰি ওড়িশাৰ উপকূল ভাগৰ সমীপৰ উত্তৰ-পশ্চিম বংগোপসাগৰত নিম্ন চাপৰ সৃষ্টি হৈছে। পৰৱৰ্তী ২৪ ঘণ্টাত এই নিম্ন চাপ গভীৰ নিম্ন চাপলৈ ৰূপান্তৰ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ প্ৰভাৱত কাছাৰ, হাইলাকান্দি, শ্রীভূমি, ধুবুৰী, দক্ষিণ শালমাৰা মানকাচৰ, গোৱালপাৰা, বৰপেটা, বঙাইগাঁও, পশ্চিম কাৰ্বি আংলং, কোকৰাঝাৰ, চিৰাং, বজালী, বাক্সা, কামৰূপ মহানগৰ, দৰং, ওদালগুৰি, মৰিগাঁও, নগাঁও, হোজাই, শোণিতপুৰ, ডিমা হাচাও, তামুলপুৰ আৰু নলবাৰীত বিজুলী ঢেৰেকনিৰে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে সকীয়াই দিছে। বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যত কেইবাখনো জিলাত ৰেড এলার্ট জাৰি কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।