ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 17, 2025 12:17 PM | flood guwahati

printer

আজি পুৱতি নিশাৰ ধাৰাষাৰ বৰষুণত গুৱাহাটী মহানগৰীৰ কেইবাটাও অঞ্চলত কৃত্রিম বান

পুৱতি নিশা বিজুলী-ঢেৰেকণিৰ সৈতে অহা ধাৰাষাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ কেইবাটাও অঞ্চল কৃত্রিম বানত বুৰ গৈছে। মহানগৰীখনৰ নবীন নগৰ, অনিল নগৰ, হাতীগাঁও, ৰুক্মিনীনগৰ, চানমাৰি আদি অঞ্চলত হোৱা বানৰ ফলত পুৱাৰে যাতায়াত ব্যাহত হৈ পৰিছে। বিভিন্ন স্থানত গছ আৰু বিদ্যুতৰ খুঁটা উভালি পৰাৰ ফলত বিদ্যুতৰ যোগান বিচ্ছিন্ন হৈছে। অৱশ্যে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলে গ্ৰাহকক বিদ্যুতৰ নিয়মীয়া যোগান ধৰিবলৈ তৎপৰতাৰে কাম কৰি আছে। গুৱাহাটীৰ কিছু কিছু অঞ্চলত ৰাজপথ আৰু পদপথসমূহো পানীত বুৰ যোৱাত যান বাহনৰ চলাচল আৰু স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।