উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও জটিল হৈ আছে। অসমত সাম্প্রতিক বানত ২১খন জিলাৰ ৫ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। জিলা প্রশাসনসমূহে স্থাপন কৰা ১৬৫ টা আশ্রয় শিবিৰত ৩১ হাজাৰৰো অধিক লোকে আশ্রয় লৈ আছে। ১৫৭টা সাহায্য সামগ্রী বিতৰণ কেন্দ্ৰত ক্ষতিগ্ৰস্ত লোকসকলৰ মাজত প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা হৈছে। ৰাজ্যখনত সাম্প্ৰতিক বানত ১৩ জন লোকে প্ৰাণ হেৰুৱাইছে। মিজোৰামত কালিও প্রতিকূল পৰিস্থিতিৰ বাবে শিক্ষানুষ্ঠানসমূহ বন্ধ ৰখা হয়। ৰাজ্যখনৰ ২১১ টা স্থানত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। মেঘালয়ৰ বিভিন্ন স্থানতো বান আৰু ভূমিস্খলনৰ ফলত সমস্যাৰ সৃষ্টি হৈছে। নাগালেণ্ড আৰু মণিপুৰত হোৱা প্ৰবল বৰষুণৰ ফলত ৰাজ্য দুখনক সংযোগ কৰা ২ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এছোৱা ছিগি যোৱাৰ ফলত সেই পথেৰে যান-বাহনৰ চলাচল ব্যাহত হৈছে। এই পথছোৱাৰ দুয়োকাষে মালবাহী ট্রাককে ধৰি ভালেসংখ্যক যান-বাহন কেইবাদিনো ধৰি আবদ্ধ হৈ আছে। মণিপুৰৰ পূব ইম্ফল, সেনাপতি আৰু পশ্চিম ইম্ফল জিলা বানত অধিক ক্ষতিগ্ৰস্ত হৈছে। ত্ৰিপুৰাত বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও বিভিন্ন স্থান প্লাৱিত হৈ থকাৰ বাবে ৬৬ টা আশ্রয় শিবিৰত ১০ হাজাৰ ৮০০ ৰো অধিক লোকে আশ্ৰয় লৈ আছে। ৰাজ্যখনৰ পশ্চিম ত্ৰিপুৰা আৰু গোমতি জিলাৰ বিভিন্ন অঞ্চল বানত ক্ষতিগ্ৰস্ত হৈছে। নাগালেণ্ডৰ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ৰাজ্যখনত ধাৰাসাৰ বৰষুণ আৰু বান পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকা প্রকাশ কৰি সতৰ্কতা জাৰি কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে বৰষুণৰ আশংকা কৰি উত্তৰ-পূৰ্বাঞ্চলৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ বিজ্ঞানী ড০ আৰ কে জেনামুনিয়ে পৰৱৰ্তী দুদিনত অঞ্চলটোত ধাৰাষাৰ বৰষুণ অব্যাহত থাকিব পাৰে বুলি আগলি বতৰা দিছে।
Site Admin | June 4, 2025 11:43 AM | Flood fury continues in NE state
উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ বান পৰিস্থিতি জটিল, যাতায়াত ব্যৱস্থা ব্যাহত
