ডাউনলোড
মোবাইল এপ

android apple
signal

September 19, 2025 12:54 PM

printer

ধাৰাষাৰ বৰষুণৰ ফলত উজনি আৰু মধ্য অসমৰ ভালেমান অঞ্চল বানৰ কবলত

বিগত কেইবাদিনো ধৰি হৈ থকা বৰষুণৰ বাবে উজনি আৰু মধ্য অসমৰ ভালেমান অঞ্চল বানৰ কবলত পৰিছে। শেহতীয়াকৈ বতৰ কিছু ফৰকাল হোৱাৰ বাবে বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও বহু অঞ্চল পানীত বুৰ গৈ আছে। গোলাঘাট জিলাত চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা ধাৰাষাৰ বৰষুণ আৰু দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ বাবে জিলাখনৰ মাজেৰে বৈ যোৱা ধনশিৰি নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। জিলাখনত বৰ্তমানলৈকে বানৰ ফলত ১২২ খন গাঁৱৰ ২৪ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। জিলাখনত বান প্রভাবিত লোকসকলৰ বাবে ৪২ টা আশ্রয় শিবিৰ স্থাপন কৰা হৈছে। জিলাখনৰ শেহতীয়া বান পৰিস্থিতিৰ বাবে কাইলৈৰ পৰা হবলগীয়া ছমহীয়া পৰীক্ষাৰ দিন পিছুৱাই দিয়া হৈছে। গোলাঘাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে এই সন্দৰ্ভত অধিসূচনা জাৰি কৰি নৱম আৰু দশম শ্ৰেণীৰ ছমহীয়া পৰীক্ষা স্থগিত ৰখাৰ বিষয়ে ঘোষণা কৰিছে। একেদৰে জিলাখনৰ অন্তৰ্গত প্রাথমিক বিদ্যালয়ৰ পৰীক্ষাসমূহো পিছুৱাই দিয়া হৈছে। জিলা আয়ুক্তৰ নিৰ্দেশনা ভিত্তিত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
মধ্য অসমৰ নগাঁও জিলাৰ কলিয়াবৰ আৰু চামগুৰি ৰাজহ চক্ৰৰ পাহাৰৰ দাঁতি কাষৰীয়া ২২ খন গাঁও বানৰ কবলত পৰিছে। পাহাৰত কেইবাদিনো ধৰি হৈ থকা বৰষুণৰ ফলত কালাপানী, ডিজু আদি নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে এই গাঁওকেইখন বানৰ কবলত কৰিছে। জিলাখনৰ বান প্রভাবিত লোকসকলৰ বাবে আশ্রয়শিবিৰ স্থাপন কৰা হৈছে আৰু খাদ্য সামগ্ৰী বিতৰণৰ দিহা কৰা হৈছে। ৰাজহ মন্ত্ৰী কেশৱ মহন্তই কালি কলিয়াবৰৰ বান প্রভাবিত অঞ্চলসমূহ পৰিদৰ্শন কৰে আৰু পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে বান পীড়িতসকলৰ সৈতে মত বিনিময় কৰে।