নেৰানেপেৰা বৰষুণৰ ফলত গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল প্লাৱিত হৈছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা ধাৰাসাৰ বৰষুণ আৰু নীপকোৰ দৈয়াং জনবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত জিলাখনৰ ধনশিৰি আৰু দৈয়া নৈৰ লগতে উপনৈসমূহৰ জনস্তৰ বৃদ্ধি পাইছে। কালি সন্ধিয়া পর্যন্ত লাভ কৰা তথ্য অনুসৰি জিলাখনৰ গোলাঘাট, খুমটাই, মৰঙী, সৰুপথাৰ আৰু বোকাখাতৰ পাঁচটা ৰাজহ চক্ৰ বানৰ কৱলত পৰিছে। জিলাখনৰ ৫৬ খন গাঁৱৰ চাৰি হাজাৰ ৫০০ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। জিলা প্রশাসনে ১৫ টা আশ্রয় শিবিৰ মুকলি কৰিছে। বানত আৱদ্ধসকলক সহায়ৰ বাবে এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ দলক নিয়োজিত কৰা হৈছে। জিলা প্ৰশাসনৰ বিষয়ববীয়া আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰাৰ বিষয়াসকলে বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰিছে। একেদৰে বানত আৱদ্ধ পশুধনসমূহৰ উদ্ধাৰৰ বাবেও চেষ্টা চলাই থকা হৈছে। গোলাঘাট জিলা প্রশাসনে জাননীযোগে জনসাধাৰণক সতর্কতা অৱলম্বন কৰিবলৈ আহ্বান জনোৱাৰ লগতে বাঢ়নি পানীত অপ্রয়োজনীয়ভাবে নাও আদিৰে যাতায়াত নকৰিবলৈ আহ্বান জনাইছে। তদুপৰি এনে পৰিস্থিতিত কোনো বৈদ্যুতিক সামগ্ৰী স্পৰ্শ বা মেৰামতি নকৰিবলৈ আহ্বান জনোৱা হৈছে। খোৱাপানীৰ ক্ষেত্ৰতো পৰিষ্কাৰ-পৰিচ্ছন্নতা অৱলম্বন কৰিবলৈ স্বাস্থ্য বিভাগে আহ্বান জনাইছে। যিকোনো জৰুৰীকালীন পৰিস্থিতিত জনসাধাৰণক ০৩৭৭৪-২80325 আৰু ০3674-২৮১৫২৮ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে।
চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ বমদিলা আৰু টাৱাং জিলাত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত পাহাৰীয়া নৈসমূহৰ জনস্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ভৈয়াম অঞ্চলত বানৰ সৃষ্টি হৈছে। বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তৱৰ্তী কেইবাখনো গাঁও বাঢ়নি পানীয়ে বুৰাই পেলাইছে। জিলাখনৰ চেনাইখাটি, মহজুনি বস্তি, নাহৰণি, মিছামাৰী, বৰপথাৰকে ধৰি কেইবাখনো গাঁও বানৰ কৱলত পৰিছে। একেদৰে গহপুৰ সমজিলাৰ মাজেৰে বৈ যোৱা ব্ৰহ্মাজান আৰু ছত্ৰং নৈৰ বাঢ়নি পানীয়ে কালি বিস্তীর্ণ অঞ্চল বুৰাই পেলায়। শোণিতপুৰ জিলাৰ নদুৱাৰ বিধানসভা সমষ্টিৰ চাৰিদুৱাৰৰ অন্তৰ্গত বাকোলা, বাকোনাপথাৰ, আমলগা, ভালুকমাৰী, বুঢ়াগাঁও, দলংবস্তিকে ধৰি কেইবাটাও অঞ্চল বানৰ কবলত পৰিছে। প্ৰথমবাৰৰ বাবে গামানি ছপানলা গাঁৱৰ বিস্তীর্ণ অঞ্চল বানৰ কবলত পৰিছে। আজি বিধয়াক পদ্ম হাজৰিকাই বান ক্ষতিগ্রস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।