ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 30, 2025 12:51 PM | Goa film festival

printer

সংবাদ মাধ্যমৰ কৰ্মীসকলৰ বাবে ৫৬ সংখ্যক চলচ্চিত্র মহোৎসৱত বিশেষ পঞ্জীয়ন মুকলি

গোৱাৰ পানাজীত অহা ২০ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া ৫৬ সংখ্যক চলচ্চিত্র মহোৎসৱত ভাগ লোৱাৰ উদ্দেশ্যে সংবাদ মাধ্যমৰ কৰ্মীসকলৰ বাবে বিশেষ পঞ্জীয়ন মুকলি কৰা হৈছে। এখন চৰকাৰী প্ৰেছ বিজ্ঞপ্তি অনুসৰি স্বীকৃতিপ্রাপ্ত সংবাদ মাধ্যমৰ কৰ্মীসকলে সমগ্র বিশ্বৰ বিশিষ্ট চলচ্চিত্র নির্মাতা আৰু শিল্পীসকলৰ সৈতে ছবি প্রদর্শন, পেনেল আলোচনা আৰু নেটৱর্কিং অধিবেশনত অংশগ্রহণ কৰাৰ সুযোগ লাভ কৰিব।

ইয়াৰ উপৰি ভাৰতীয় চলচ্চিত্র আৰু টেলিভিছন প্রতিষ্ঠানে অহা ১৮ নৱেম্বৰৰ পৰা স্বীকৃতিপ্রাপ্ত সংবাদ কর্মীসকলৰ বাবে চলচ্চিত্র প্রশংসা পাঠ্যক্ৰমৰ আয়োজন কৰিছে।