চাইবাৰ সুৰক্ষাৰ বিষয়টো ৰাষ্ট্ৰীয় সুৰক্ষাৰ অবিচ্ছেদ্য অংগঃ গৃহমন্ত্রী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে চাইবাৰ সুৰক্ষাৰ বিষয়টো ৰাষ্ট্ৰীয় সুৰক্ষাৰ অবিচ্ছেদ্য অংগ বুলি অভিহিত কৰিছে। তেওঁ লগতে কেন্দ্ৰীয় চৰকাৰে পৰৱৰ্তী ৫ বছৰত চাইবাৰ অপৰাধ ৰোধ কৰাৰ বাবে ৫ হাজাৰ চাইবাৰ কমাণ্ডোক প্রশিক্ষণ প্ৰদান কৰাৰ পৰিকল্পনা কৰিছে বুলি মন্তব্য কৰিছে। আজি নতুন দিল্লীত চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ আই ফ’ৰ চিৰ প্ৰথম প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, চাইবাৰ সুৰক্ষা ৰাষ্ট্ৰীয় সুৰক্ষাৰ দিশত বৃহৎ প্ৰত্যাহ্বানৰূপে পৰিগণিত হৈছে আৰু ইয়াৰ অবিহনে দেশৰ প্ৰগতিৰ কথা কল্পনা কৰিব নোৱাৰি। শ্ৰী শ্বাহে কয় যে, চাইবাৰ অপৰাধৰ কোনো সীমা নাই আৰু ইয়াক ৰোধ কৰাৰ বাবে সকলো পক্ষৰ সহায়-সহযোগিতাৰ প্ৰয়োজন। দেশৰ বিভিন্ন ক্ষেত্ৰত ইণ্টাৰনেট সেৱাৰ বৰ্ধিত ব্যৱহাৰৰ বিষয়ে আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, প্রতিদিনে দেশত ডিজিটেল লেনদেন আৰু ডিজিটেল তথ্যৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত চাইবাৰ সুৰক্ষাৰ সৈতে জড়িত লোকসকলৰ দায়িত্বও বৃদ্ধি পাইছে। শেহতীয়াকৈ কাৰ্যকৰী হোৱা ৩ খন নতুন ফৌজদাৰী আইনত চাইবাৰ অপৰাধৰ প্ৰত্যাহ্বান ৰোধ কৰাৰ বাবে পৰ্যাপ্ত ব্যৱস্থা ৰখা হৈছে বুলি তেওঁ উল্লেখ কৰে। চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰই চাইবাৰ সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে ৰাষ্ট্ৰজোৰা অভিযান আৰম্ভ কৰাৰ লগতে সকলো ৰাজ্য চৰকাৰক এই অভিযানত অংশ ল’বলৈ আহ্বান জনাইছে। আজিৰ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে চাইবাৰ অপৰাধ ৰোধ কৰাৰ বাবে এটা ৱেব আধাৰিত মড্যুল মুকলি কৰে। ইয়াৰ সহায়ত চাইবাৰ অপৰাধৰ তথ্য সংগ্রহ, বিনিময়, অপৰাধৰ মেপিং, তথ্য বিশ্লেষণ ইত্যাদি কৰিব পৰা যাব ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।