ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

দিল্লী আৰক্ষীৰ নিচাযুক্ত দ্ৰব্য বিৰোধী কর্মবাহিনীয়ে দিল্লী, উত্তৰ প্ৰদেশ আৰু ঝাৰখণ্ডত অভিযান চলাই ৫টা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

দিল্লী আৰক্ষীৰ নিচাযুক্ত দ্ৰব্য বিৰোধী কর্মবাহিনীয়ে দিল্লী, উত্তৰ প্ৰদেশ আৰু ঝাৰখণ্ডত অভিযান চলাই ৫টা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। দিল্লী আৰক্ষীৰ বাহিনীটোৰ উপ আয়ুক্ত অমিত গোৱেলে প্ৰকাশ কৰা অনুসৰি আটাইকেইটা অভিযুক্ত দিল্লী আৰু ৰাজধানী অঞ্চলত ড্ৰাগছ সৰবৰাহৰ লগত জড়িত আছিল। তেওঁ কয় যে অভিযুক্তকেইটাৰ পৰা ৫ কোটি টকাৰো অধিক মূল্যৰ ২ কিলোগ্ৰামৰো অধিক হেৰ’ইন আৰু ১ কিলোগ্রাম ক্রুড হেৰ’ইন জব্দ কৰা হৈছে। আৰক্ষীয়ে উত্তৰ প্ৰদেশৰ বেৰিলী আৰু ঝাৰখণ্ডৰ হাজাৰিবাগত হেৰ’ইন প্ৰস্তুত কৰা দুটা কাৰখানাও উৎখাত কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।