July 4, 2025 8:19 PM | Fit India

printer

পৰহিলৈ সমগ্ৰ দেশৰ ছহেজাৰ স্থানত ফিট ইণ্ডিয়া ছাণ্ডেজ অন চাইকেল কাৰ্যসূচীৰ ৩০ সংখ্যক সংস্কৰণ আয়োজন

Resident welfare association ৰ সহযোগত পৰহিলৈ সমগ্ৰ দেশৰ ছহেজাৰ স্থানত ফিট ইণ্ডিয়া ছাণ্ডেজ অন চাইকেল কাৰ্যসূচীৰ ৩০ সংখ্যক সংস্কৰণ আয়োজন কৰা হ’ব। এদিনীয়া এই অনুষ্ঠানত দেশজুৰি ৫০ হাজাৰৰো অধিক ব্যক্তিয়ে প্ৰদূষণ আৰু মেদবহুলতামুক্ত ভাৰত গঢ়াৰ দিশত সুস্বাস্থ্যৰ বাবে চাইকেল চলাব। নতুন দিল্লীৰ মেজৰ ধ্যান চান্দ নেচনেল ষ্টেডিয়ামৰ পৰা মূল অনুষ্ঠানটোৰ ফ্লেগ অফ কৰা হ’ব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্রী মনসুখ মান্দাভিয়াই কয়,যে ফিট ইণ্ডিয়া চাইকেল অন ছাণ্ডেজ ক্রমান্বয়ে গণ আন্দোলনত পৰিগণিত হৈছে। মন্ত্ৰীগৰাকীয়ে সকলো নাগৰিক আৰু সম্প্ৰদায়ক এই কাৰ্যসূচীত অংশ লোৱাৰ লগতে বিভিন্ন ৰোগৰ পৰা হাত সাৰিবলৈ চাইকেল চলোৱা আৰু যোগাসনৰ লগত জড়িত হ’বলৈ আহ্বান জনায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।