ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্য চৰকাৰসমূহলৈ কৰ হস্তান্তৰৰ অংশ হিচাপে ৮১,৭৩৫ কোটি টকাৰ অতিৰিক্ত কিস্তিত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহলৈ কৰ হস্তান্তৰৰ অংশ হিচাপে ৮১ হাজাৰ ৭৩৫ কোটি টকাৰ অতিৰিক্ত কিস্তিত অনুমোদন জনাইছে। ২ জুনত এই পুঁজি মোকলাই দিয়া হ’ব। বিত্ত মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে, হস্তান্তৰৰ এই অতিৰিক্ত কিস্তিৰ জৰিয়তে ৰাজ্যসমূহে নিজৰ মূলধনী ব্যয় বৃদ্ধি কৰিব পাৰিব আৰু বিকাশ তথা কল্যাণমূলক কাম-কাজৰ বাবে পুঁজি যোগান ত্বৰান্বিত কৰিব পাৰিব। মন্ত্ৰ্যালয়ে কৈছে যে এই ধনৰাশি ১০ জুলাইত মোকলাই দিবলগীয়া ৮১ হাজাৰ ৭৩৫ কোটি টকাৰ নিয়মীয়া হস্তান্তৰৰ অতিৰিক্ত হ’ব। সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদ আৰু ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ লক্ষ্য অনুযায়ী ৰাজ্যসমূহলৈ কৰ হস্তান্তৰৰ এই অতিৰিক্ত মোকলাই দিয়া হ’ব বুলি মন্ত্ৰ্যালয়ে প্রকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক