ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

সময়মতে কৰ হস্তান্তৰ, বিত্ত আয়োগৰ অনুদান আৰু জিএছটি ক্ষতিপূৰণৰ বকেয়া আদায়ৰ জৰিয়তে ৰাজ্যসমূহৰ উন্নয়নৰ হকে কেন্দ্ৰই সহায়-সমৰ্থন আগবঢ়াই আহিছেঃ বিত্তমন্ত্ৰী

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে কৈছে যে সময়মতে কৰ হস্তান্তৰ, বিত্ত আয়োগৰ অনুদান আৰু জি এছ টি ক্ষতিপূৰণৰ বকেয়া আদায়ৰ জৰিয়তে ৰাজ্যসমূহৰ উন্নয়নৰ হকে কেন্দ্ৰই সহায়-সমৰ্থন আগবঢ়াই আহিছে। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত আজি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বিত্তমন্ত্ৰীসকলৰ সৈতে অনুষ্ঠিত প্রাক-বাজেট আলোচনাত অধ্যক্ষতা কৰি শ্ৰীমতী সীতাৰমনে এইদৰে প্ৰকাশ কৰে। বিত্তমন্ত্ৰীগৰাকীয়ে লগতে কেন্দ্ৰীয় চৰকাৰৰ মূলধনী বিনিয়োগৰ বাবে ৰাজ্যসমূহলৈ বিশেষ সাহায্য আঁচনিৰ সুযোগ গ্ৰহণ কৰিবলৈ ৰাজ্যসমূহক উৎসাহিত কৰে। তেওঁ কয় যে এই আঁচনিৰ অধীনত প্ৰদান কৰা অধিকাংশ ঋণ নমনীয়। অৱশ্যে জনসাধাৰণ-কেন্দ্ৰিক সংস্কাৰ আৰু ক্ষেত্ৰ-ভিত্তিক মূলধনী প্রকল্প ৰূপায়ণ কৰা ৰাজ্যসমূহৰ বাবে আগবঢ়োৱা একাংশ ঋণ চর্তসাপেক্ষ। কেন্দ্ৰীয় বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰী, গোৱা, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু ছিকিমৰ মুখ্যমন্ত্ৰীসকলৰ উপৰি বিহাৰ, মধ্যপ্ৰদেশ, ওড়িশা, ৰাজস্থান আৰু তেলেংগানাৰ উপমুখ্যমন্ত্ৰীসকলে এই বৈঠকত অংশগ্ৰহণ কৰে। অন্যান্য ৰাজ্যৰ বিত্তমন্ত্ৰীসকলো বৈঠকত উপস্থিত থাকে।