ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

এখন দেশ এটা নির্বাচন ব্যৱস্থা ৰূপায়ণ হ’লে দেশৰ বিকাশ হাৰ ডেৰ শতাংশ বৃদ্ধি পাবঃ কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণ

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণে এখন দেশ এটা নির্বাচন ব্যৱস্থা ৰূপায়ণ হ’লে দেশৰ বিকাশ হাৰ ডেৰ শতাংশ বৃদ্ধি পাব বুলি প্ৰকাশ কৰিছে। চেন্নাইত কালি এখন আলোচনাচক্রত ভাষণ দি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে এই ব্যৱস্থা ৰূপায়ণৰ ফলত দেশৰ মুঠ ঘৰুৱা উৎপাদনো চাৰে চাৰি লাখ কোটি টকা বৃদ্ধি পাব। তেওঁ কয়, যে ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ বাবে আনুমানিক এক লাখ কোটি টকা ব্যয় হৈছিল আৰু একেলগে নিৰ্বাচন অনুষ্ঠিত কৰিলে প্ৰায় ১২ হাজাৰ কোটি টকা ৰাহি কৰিব পৰা গ’লহেঁতেন। একেলগে লোকসভা আৰু বিধানসভা নির্বাচন অনুষ্ঠিত কৰিলে ভোটদানৰ হাৰো বৃদ্ধি পাব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বিত্তমন্ত্ৰীগৰাকীয়ে কয়, যে ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে ২০২৯ চনৰ পাছতহে একেলগে নির্বাচন অনুষ্ঠিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব।