ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আৱাসিক চিকিৎসক সংস্থা সংঘৰ ধর্মঘট প্রত্যাহাৰৰ সিদ্ধান্ত

আৱাসিক চিকিৎসক সংস্থা সংঘই কলকাতাৰ এগৰাকী চিকিৎসকৰ হত্যাৰ প্ৰতিবাদত আহ্বান জনোৱা ধর্মঘট প্রত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে। আৱাসিক চিকিৎসক সংস্থা সংঘৰ প্ৰতিনিধি আৰু কেন্দ্ৰীয় স্বাস্থ্যমন্ত্রী জে পি নাড্ডাৰ মাজত কালি নতুন দিল্লীত হোৱা বৈঠকত এই মর্মে এটা সিদ্ধান্ত লোৱা হয়। সমগ্ৰ দেশৰ চিকিৎসকসকলে কলকাতাৰ ঘটনাক লৈ সোমবাৰৰে পৰা ধৰ্মঘট কৰি আছিল। বৈঠকৰ অন্তত সংবাদিকৰ সৈতে হোৱা কথা-বতৰাত আৱাসিক চিকিৎসক সংস্থা সংঘৰ অধ্যক্ষ অৱিৰল মাথুৰে কয় যে নিৰ্ধাৰিত সময়ত তেওঁলোকৰ দাবীসমূহ পূৰণ কৰিব বুলি স্বাস্থ্য মন্ত্ৰীয়ে আশ্বাস দিছে। তেওঁ কয় যে তেওঁলোকৰ দাবীসমূহ গ্রহণ কৰাৰ পৰিপ্ৰেক্ষিতত সংঘই ধৰ্মঘট প্রত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে। কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই আৱাসিক চিকিৎসক সংস্থা সংঘই ধৰ্মঘট উঠাই লোৱাৰ বাবে লোৱা সিদ্ধান্তৰ প্ৰতি আদৰণি জনাইছে। স্বাস্থ্য মন্ত্ৰালয়ে নিৰাপদ আৰু কামৰ সুস্থ বাতাবৰণ সুনিশ্চিত কৰাৰ বাবে চিকিৎসকসকলৰ উদ্বেগসমূহ দূৰ কৰিব বুলি শ্রীনাড্ডাই আশ্বাস দিয়ে।