ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

১০ মে’ৰ পৰা ১২ মে’লৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ঢকুৱাখনাৰ চাৰিকড়িয়া নৈৰ পাৰত ফাট বিহু উদযাপন

♦লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ চাৰিকড়িয়া নৈৰ পাৰত অৱস্থিত ম’হঘুলি চাপৰিৰ বাকৰিত ভিন্ন জাতি-জনগোষ্ঠীৰ মহামিলনৰ পুণ্যস্থলীত অহা ১০ মে’ৰ পৰা ১২ মে’লৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ফাট বিহু উদযাপন কৰা হ’ব। কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পুৱা পতাকা উত্তোলন, মঞ্চ মুকলি, দুপৰীয়া টকা বিহু প্রতিযোগিতা অনুষ্ঠিত কৰা হ’ব। দ্বিতীয় দিনা পুৱা বিহু দলসমূহক আদৰণি, পূর্ণবয়ষ্ক হুচৰি প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। অন্তিম দিনা দিনৰ এক বজাত বর্ণাঢ্য সংস্কৃতিক শোভাযাত্রা, মুকলি বিহু প্রতিযোগিতা, মুকলি সভা অনুষ্ঠিত হ’ব। শোভাযাত্ৰা মুকলি কৰিব অভিনেত্রী প্রীতি কংকনাই। মুকলি সভাত বিভিন্ন জাতি- জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি প্ৰদৰ্শনৰ লগতে জ্যেষ্ঠ কৃতী বিহুৱা-বিহুৱতীসকলক সম্বৰ্ধনা জনোৱা হ’ব। ফাট বিহু উদযাপন সমিতিয়ে সমূহ বিহুপ্ৰেমী ৰাইজক জাতীয় সাজপাৰ পৰিধান কৰি ফাট বিহু উপভোগ কৰিবলৈ অনুৰোধ জনাইছে।