ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে টলিং কার্যকলাপ মসৃণ কৰিবলৈ ফাষ্টেগ সংযুক্ত হৈ নথকা অৰ্থাৎ আঠা নলগোৱাকৈ থকা বাহনসমূহৰ ব্লেক লিষ্টিঙৰ প্ৰক্ৰিয়া তীব্ৰতৰ কৰি তুলিছে। পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়ে আজি প্ৰকাশ কৰা এটা বিবৃতিত কয় যে টেগ ইন হেণ্ড নামেৰে জনাজাত এই ফাষ্টেগসমূহে ইলেকট্রনিক টল সংগ্ৰহৰ কাৰ্যকলাপৰ কাৰ্যক্ষমতাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। মন্ত্ৰালয়ে লগতে কয় যে সময় মতে সংশোধনী ব্যৱস্থা নিশ্চিত কৰিবলৈ ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এটা নিৰ্দিষ্ট ই-মেইল আই ডি প্ৰদান কৰিছে আৰু এই ইমেইল আই ডিৰ জৰিয়তে ট‘ল সংগ্রহ সংস্থা আৰু ৰেহাই দাতাসকলক এনে ফাষ্টেগৰ বিষয়ে তৎকলীনভাৱে জনাবলৈ নিৰ্দেশ দিছে। এই পদক্ষেপে ৰাষ্ট্ৰীয় ঘাইপথ ব্যৱহাৰকাৰীসকলৰ বাবে নিৰৱচ্ছিন্ন আৰু আৰামদায়ক যাত্ৰা নিশ্চিত কৰি ট‘ল সংগ্ৰহ কাৰ্যকলাপ অধিক সক্ষম কৰি তোলাত সহায় কৰিব।
Site Admin | July 11, 2025 8:50 PM | fastag today
ফাষ্টেগ সংযুক্ত হৈ নথকা বাহনসমূহৰ ব্লেক লিষ্টিঙৰ প্ৰক্ৰিয়া তীব্ৰতৰ
