ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

FAST TRACK IMMIGRATION – বিশ্বাসযোগ্য যাত্রী কার্যসূচী উদ্বোধন গৃহমন্ত্রী অমিত শ্বাহৰ

■ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি লক্ষ্ণৌ, তিৰুৱনন্তপুৰম, ত্ৰীচি, কালিকট আৰু অমৃতসৰ বিমান বন্দৰত ভিডিঅ’ কনফাৰেঞ্চিং ব্যৱস্থাৰে FAST TRACK IMMIGRATION – বিশ্বাসযোগ্য যাত্রী কার্যসূচী উদ্বোধন কৰে। ইয়াৰ জৰিয়তে ভিন ভিন কামত বিদেশলৈ যাত্ৰা কৰা লোকসকলৰ পাছপ’ৰ্টকে ধৰি যাৱতীয় নথি-পত্ৰ পৰীক্ষাৰ প্ৰক্ৰিয়া দ্রুত, সৰল আৰু সুৰক্ষিত কৰাৰ লক্ষ্য লোৱা হৈছে। এই ব্যৱস্থাই ভাৰতীয় নাগৰিক আৰু প্ৰবাসী লোকসকলক অধিক সুবিধা প্ৰদান কৰিব। বিমান বন্দৰৰ ই-প্ৰৱেশদ্বাৰ অথবা স্বয়ংচালিত প্ৰৱেশদ্বাৰসমূহৰ এই ব্যৱস্থা থাকিব। অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে FAST TRACK IMMIGRATION ব্যৱস্থা হৈছে এটা বিশ্বাসযোগ্য কার্যসূচী, যিয়ে IMMIGRATION প্ৰক্ৰিয়া সৰল আৰু বাধাহীন কৰি তুলিব। এই ব্যৱস্থাই যাত্ৰীৰ সুবিধা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা দুয়োটাৰে প্ৰসাৰ কৰিব বুলি শ্ৰী শ্বাহে উল্লেখ কৰে। তেওঁ কয়, যে যোৱাবছৰ দিল্লীত এই কাৰ্যসূচী মুকলি কৰা হৈছিল আৰু বৰ্তমানলৈকে দেশৰ মুঠ ১৩ টা বিমানবন্দৰত এই ব্যৱস্থা আৰম্ভ কৰা হৈছে। এই পৰ্টেলত এতিয়ালৈকে ৩ লাখ যাত্ৰীয়ে পঞ্জীয়ন কৰিছে বুলি তেওঁ প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।