ডাউনলোড
মোবাইল এপ

android apple
signal

February 10, 2025 1:22 PM | failariya

printer

আজি তিনিচুকীয়া, শোণিতপুৰ আৰু বিশ্বনাথত গোধা ৰোগ নিৰ্মূল অভিযানৰ অধীনত সমূহীয়া ঔষধ সেৱা কাৰ্যসূচী

তিনিচুকীয়া, শোণিতপুৰ আৰু বিশ্বনাথ জিলাত আজি ফাইলেৰীয়া অৰ্থাৎ‍ গোধা ৰোগ নিৰ্মূল অভিযানৰ অধীনত সমূহীয়া ঔষধ সেৱা কাৰ্যসূচী আৰম্ভ হব। ১৯ ফেব্ৰুৱাৰীলৈ চলিবলগীয়া এই অভিযানে তিনিচুকীয়াৰ হাপজান খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰ, শোণিতপুৰৰ ৰঙাপাৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু বিশ্বনাথ জিলাৰ বিশ্বনাথ চাৰিআলি তথা বিহালী খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত অঞ্চলসমূহ সামৰি লব। এই অঞ্চলকেইটাত কিছু লোকৰ শৰীৰত ফাইলেৰিয়া ৰোগৰ উপস্থিতি ধৰা পৰাৰ পৰিপ্ৰেক্ষিতত এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীত আশা, অংগনবাড়ী আৰু স্বাস্থ্য কৰ্মীসকলে ঘৰে ঘৰে গৈ বিনামূলীয়াকৈ ডাই-ইথাইল-কার্বামেজাইন চমুকৈ ডি ই চি আৰু এলবেণ্ডাজল টেবলেট বিতৰণ কৰিব। বিশেষ এই অভিযানত সকলোকে সহযোগ কৰিবলৈ ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়ালকল্যাণ বিভাগে আহ্বান জনাইছে।

অধিক পঢ়ক

সকলো চাওক