ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

দিল্লীত ভাৰত-মালদ্বীপৰ মাজৰ দ্বিপাক্ষিক সম্পর্ক আৰু নিৰাপত্তা সম্পৰ্কীয় আলোচনাৰে বৈঠক বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ আৰু মালদ্বীপৰ বিদেশ মন্ত্ৰী মুছা জমিৰে আজি নতুন দিল্লীত দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পর্ক তথা আঞ্চলিক আৰু নিৰাপত্তা সম্পৰ্কীয় দিশসমূহ আলোচনা কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছোৱালে প্ৰকাশ কৰা অনুসৰি দুয়োগৰাকী মন্ত্ৰীয়ে সক্ষমতা নির্মাণ, প্ৰশিক্ষণ আৰু দুৰ্যোগ প্রশমনকে ধৰি বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে। মুখপাত্ৰগৰাকীয়ে কয় যে, দুয়োখন দেশে বহুদিন ধৰি বিমান পৰিবহন খণ্ডত কাম-কাজ সুচাৰুৰূপে অব্যাহত ৰখাৰ বাবে প্ৰচেষ্টা চলাই আছে। তেওঁ কয় যে, মালদ্বীপত সেৱা আগবঢ়াই থকা ভাৰতীয় লোকৰ প্ৰথম আৰু দ্বিতীয় দলটো ইতিমধ্যে ওভতি আহিছে। ভাৰতীয় প্ৰযুক্তিখণ্ডৰ অভিজ্ঞ তথা যোগ্য বিষয়াসকলক বিমান পৰিবহনখণ্ডৰ কামকাজৰ বাবে মালদ্বীপলৈ পঠিওৱা হৈছিল বুলি তেওঁ সদৰি কৰে।