বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি ভাৰত আৰু পাকিস্তানৰ মাজত কোনো তৃতীয় পক্ষই মধ্যস্থতা কৰাৰ বিষয়টো নস্যাৎ কৰে। তেওঁ কয়, যে ইছলামাবাদৰ সৈতে ভাৰতে দ্বিপাক্ষিক আলোচনা কৰিবলৈহে আগ্রহী। নতুন দিল্লীত অনুষ্ঠিত এটা অনুষ্ঠানত ভাগ লৈ সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ড০ জয়শংকৰে কয়, যে ভাৰতে পাকিস্তানৰ সৈতে এই বিষয়ত কথা পাতিব সেই কথা ইতিমধ্যে স্পষ্ট কৰি দিছে। পাকিস্তানে ভাৰতৰ ভূখণ্ড অবৈধভাৱে দখল কৰা পাকিস্তান অধিকৃত কাশ্মীৰ সন্দৰ্ভৰ্তহে আলোচনা কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয়, যে এয়া ৰাষ্ট্ৰীয় স্বার্থজড়িত বিষয় আৰু ভাৰতে এইক্ষেত্ৰত নিজৰ স্থিতি সলনি কৰা নাই। তেওঁ কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইক্ষেত্ৰত স্পষ্টকৈ প্ৰকাশ কৰিছে যে পাকিস্তানৰ সৈতে কেৱল সন্ত্রাসবাদ সন্দৰ্ভতহে আলোচনা কৰিব। তেওঁ লগতে কয়, যে পাকিস্তানৰ হাতত থকা সন্ত্ৰাসবাদীৰ তালিকাখন ভাৰতৰ হাতত গটাই দিয়াৰ লগতে সন্ত্ৰাসবাদীৰ আন্তঃগাঁথনি ধ্বংস কৰাটো প্ৰয়োজন আছে। ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা সামৰিক সংঘৰ্ষৰ বিষয়ে প্রকাশ কৰি ড০ জয়শংকৰে কয়, যে ভাৰতে সন্ত্ৰাসবাদৰ আন্তঃগাঁথনিৰ ওপৰত আক্ৰমণ কৰি নতুন দিল্লীয়ে ইছলামাবাদক এক বার্তা দিব বিচাৰিছে। এইক্ষেত্ৰত পাক সেনাবাহিনীয়ে হস্তক্ষেপ কৰাৰ প্ৰয়োজন নাই।
Site Admin | May 15, 2025 9:21 PM | External Affairs Minister Dr S Jaishankar
ভাৰত-পাকিস্তানৰ মাজত কোনো তৃতীয় পক্ষই মধ্যস্থতা কৰাৰ বিষয়টো বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ নস্যাৎ
