অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ কাইলৈ হ’বলগীয়া গণিত বিষয়ৰ পৰীক্ষা অনিবাৰ্য কাৰণবশত পিছুৱাই দিয়া হৈছে। শিক্ষা পৰিষদৰ দ্বিতীয় মণ্ডলৰ পৰীক্ষা নিয়ন্ত্রকে জনোৱা মতে এই বিষয়ৰ পৰীক্ষাৰ দিন পাছত ঘোষণা কৰা হ’ব। পৰিষদৰ পৰীক্ষা নিয়ন্ত্ৰক ৰঞ্জন কুমাৰ দাসে আমাৰ বিশেষ সংবাদদাতাক জনোৱা মতে এটা পৰীক্ষা কেন্দ্ৰত প্ৰশ্নকাকত ফাদিল হোৱাৰ বিষয়ে সম্ভেদ পোৱাৰ পৰিপ্ৰেক্ষিতত জৰুৰীভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সকলোবোৰ পৰীক্ষা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়াক এই পৰীক্ষাৰ বাবে মনোনীত মূল মহাবিদ্যালয়ত আজিৰ ভিতৰত গণিত বিষয়ৰ প্ৰশ্নকাকতৰ টোপোলাসমূহ জমা দিবলৈ কঢ়া নিৰ্দেশ দিয়া হৈছে বুলিও পৰীক্ষা নিয়ন্ত্রকগৰাকীয়ে জানিবলৈ দিয়ে।
Site Admin | March 20, 2025 6:26 PM | Exam
অনিবাৰ্য কাৰণবশত কাইলৈ হ’বলগীয়া উচ্চতৰ মাধ্যমিক গণিত বিষয়ৰ পৰীক্ষা স্থগিত
