মেৰাপানীৰ নেঘেৰিবিলত অহা ৮ আগষ্টত উচ্ছেদ অভিযান

গোলাঘাট জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত বিগত ৪ দিনত চলোৱা উচ্ছেদ অভিযানত কমেও এহেজাৰ এশ বিঘা ভূমি দখলমুক্ত কৰা হৈছে। আজি পঞ্চম দিনাও অঞ্চলটোত উচ্ছেদ অভিযান চলায়। আজি বিদ্যাপুৰ, দলনিপথাৰ, মধুপুৰ আৰু খেৰবাৰী গাওঁৰ দখলিকৃত ভূমি উচ্ছেদ কৰা হয়। ৰাজ্যৰ প্ৰধান বন সংৰক্ষক এম কে যাদৱে এখন সংবাদমেলত প্ৰকাশ কৰা মতে, মেৰাপানীৰ দৈয়াং সংৰক্ষিত বনাঞ্চলৰ নেঘেৰীবিলত অহা ৮ আগষ্টত উচ্ছেদ অভিযান চলোৱা হ’ব। তেওঁ কয় যে অঞ্চলটোত অবৈধভাৱে বসবাস কৰি থকা প্রায় ২০৫ টা পৰিয়ালক অঞ্চলটো খালী কৰাৰ বাবে জাৰি কৰা জাননীৰ ম্যাদ কালি উকলি যায়। ইয়াৰ পৰিপ্ৰেক্ষিতত অহা ৬ আগষ্টৰ পৰা উচ্ছেদ অভিযানৰ ব্যৱস্থাসমূহ গ্ৰহণ কৰা হ’ব আৰু ৮ আগষ্টৰ পুৱা উচ্ছেদ চলোৱা হ’ব বুলি তেওঁ কয় ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।