শোণিতপুৰ জিলাৰ বুঢ়াচাপৰি বন্যপ্রাণী অভয়াৰণ্যৰ ৮৩০ হেক্টৰ ভূমিত কালি প্রশাসনে উচ্ছেদ অভিযান চলায়। তেজপুৰ সদৰ ৰাজহ চক্ৰ আৰু ঠেলামৰা ৰাজহ চক্ৰৰ অধীনৰ জামুকতল, আৰিমাৰি, চিয়ালিচৰ, বাঘেটাপু, লাঠীমাৰী চৰকে ধৰি কেইবাটাও অঞ্চল দখলমুক্ত কৰাৰ বাবে প্রশাসনে অঞ্চলটোত আজি অভিযান চলাব। একালত জৈৱ বৈচিত্ৰৰে ভৰপূৰ আৰু দুষ্প্রাপ্য উলুম’ৰা পক্ষীৰ বাবে বিখ্যাত অভয়াৰণ্যখনৰ একাংশ দখলকাৰীৰ কৱলত পৰিছে। ৪৪ বর্গ কিলোমিটাৰজোৰা অভয়াৰণ্যখনত ছহেজাৰ ২০০ বিঘা ভূমিত দখলকাৰীয়ে বাসগৃহ নির্মাণ আৰু কৃষিকার্য কৰি আহিছে। ২০২৩ চনত শোণিতপুৰ জিলা প্রশাসনে বুঢ়া চাপৰি অভয়াৰণ্যত উচ্ছেদ চলাই ছহেজাৰ ২০০ বিঘা ভূমিত ক্ষতিপূৰণমূলক বনানিকৰণৰ বাবে আবণ্টন দিছিল। কিন্তু উচ্ছেদৰ ছমাহ পাছতে পুনৰ এই ভূমি একাংশ লোকে দখল কৰে। এমাহ পূর্বে উচ্ছেদৰ বাবে এই ভূমি খালী কৰাৰ বাবে প্রশাসনে জাননী জাৰি কৰিছিল। জাননী লাভ কৰাৰ পাছতো অঞ্চলটো খালী নকৰাৰ বাবে কালি বৃহৎসংখ্যক সুৰক্ষা কৰ্মীয়ে ৩৬ খন এক্সকেভেটৰ আৰু ৬০ খন ট্রেক্টৰেৰে উচ্ছেদ অভিযান চলায়। একাংশ লোকে আৰক্ষী প্ৰশাসনক বাধা দিবলৈ চেষ্টা কৰে যদিও সুৰক্ষা কৰ্মীৰ প্ৰচেষ্টাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হয়। উল্লেখযোগ্য যে বুঢ়াচাপৰি সংৰক্ষিত বন্যপ্রাণী অভয়াৰণ্যৰ পূবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, পশ্চিমে ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু পবিতৰা অভয়াৰণ্য, উত্তৰ দিশত পাক্কে নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু দক্ষিণে কাৰ্বি আংলঙৰ চহকী সংৰক্ষিত বনাঞ্চল আছে। বনাঞ্চলখন কাজিৰঙালৈ জীব-জন্তু প্ৰব্ৰজনৰ সংযোগী কৰিড’ৰ হিচাপে ব্যৱহৃত হৈ আহিছে। বনাঞ্চলখনৰ উত্তৰ সীমাৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ টাপুত বিভিন্ন প্ৰজাতিৰ স্তন্যপায়ী, সৰীসৃপ আৰু চৰাইয়ে বিচৰণ কৰে। অভয়াৰণ্যখন দখলমুক্ত কৰাৰ বাবে আজি পুনৰ উচ্ছেদ চলোৱা হ’ব।
Site Admin | January 6, 2026 12:36 PM | Evection
বুঢ়াচাপৰি বন্যপ্রাণী অভয়াৰণ্যৰ ৮৩০ হেক্টৰ ভূমিত প্রশাসনৰ উচ্ছেদ