January 2, 2026 12:29 PM | Evection

printer

ডবকাৰ যমুনা-মৌদংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৬ হাজাৰ বিঘা ভূমিত প্রশাসনৰ উচ্ছেদ

হোজাই জিলা প্রশাসনে আজি ডবকাৰ যমুনা-মৌদংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৬ হাজাৰ বিঘা ভূমিত উচ্ছেদ চলাইছে। বন বিভাগে বনাঞ্চলখনত জৰীপ চলাই কেইবাহাজাৰ বিঘা ভূমি অবৈধ দখলকাৰীৰ কবলত থকাৰ তথ্য লাভ কৰাৰ পাছত এহেজাৰ ২০০ৰো অধিক দখলকাৰীলৈ জাননী প্ৰেৰণ কৰে।

এই অভিযানৰ জৰিয়তে অঞ্চলটোত ৩০-৪০ বছৰ ধৰি অবৈধভাৱে বাস কৰি থকা এহেজাৰ ১৭০টা পৰিয়ালৰ ভিতৰত এহেজাৰ ১৮টা পৰিয়ালক উচ্ছেদ কৰা হ’ব। বাকী ১৫২টা পৰিয়ালে সকাহ বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে। ইপিনে উচ্ছেদৰ জাননী লাভ কৰাৰ পাছতে স্থানীয় বিধায়কসহ একাংশই ভূমিহীনসকলক পুনৰ সংস্থাপনৰ দাবী জনাই জিলা আযুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে।