উৰিয়ামঘাটত প্ৰশাসন আৰু বন বিভাগে প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযানৰ সামৰণি পেলোৱাৰ পাছত আজিৰ পৰা সীমান্তৰ ৰেংমা বনাঞ্চলৰ পাঁচখন গাঁৱত দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান আৰম্ভ কৰিছে।। দিনৰ ১০ বজাৰ পৰা ৰাণা নগৰ, হাতীডুবি, হালধিবাৰী, দুর্গাপুৰ আৰু ১ নম্বৰ মধুপুৰ গাঁৱত আজি প্ৰশাসনে দ্বিতীয় পৰ্যায়ত উচ্ছেদ অভিযান চলাইছে। এই গাঁও কেইখনৰ ৫৭ টা পৰিয়ালে উচ্ছেদ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন কৰাত ন্যায়ালয়ে আজি পর্যন্ত তেওঁলোকক সাময়িকভাৱে সকাহ দিছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ে বিষয়টো সন্দৰ্ভত আজি পুনৰ শুনানি গ্ৰহণ কৰিব। দ্বিতীয় পৰ্যায়ৰ উচ্ছেদৰ সময়ত আজি যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰবাবে প্রশাসনে সকলোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰায় ১১ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰাৰ লক্ষ্যৰে উৰিয়ামঘাটত চলোৱা প্ৰথম পৰ্যায়ৰ অভিযানত ৪ হাজাৰ টা সাধাৰণ বাসগৃহৰ লগতে ৪০০ টা দুমহলীয়া অট্টালিকা উচ্ছেদ কৰা হৈছিল।
কালি বন বিভাগে পিঠাঘাট অঞ্চলৰ প্ৰায় ৩০০ বিঘা মাটি দখল কৰি তামোল বাৰী স্থাপন কৰা হাৰেশ আলী নামৰ লোকজনৰ তামোল বাৰী কাটি তহিলং কৰে। পিঠাঘাট অঞ্চলত চৰকাৰে বৃহৎ গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰিছে। এই কাৰ্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ‘ ৰিঅ‘ৱেও অংশগ্ৰহণ কৰাৰ কথা।
ইপিনে, বিশ্বনাথ জিলা প্রশাসনে ভূমিৰ চৰকাৰী জৰীপ নোহোৱা জাপৰিগুৰিৰ ১৭৫ বিঘা ভূমিত কালি উচ্ছেদ চলায়। প্রথম দিনাৰ উচ্ছেদ অভিযানৰ সামৰণি পেলোৱাৰ পাছত আজি পুৱাৰে পৰা প্ৰশাসনে অঞ্চলটোত পুনৰ উচ্ছেদ চলাইছে। উল্লেখযোগ্য যে যোৱা ২ আগষ্টত অঞ্চলটোৰ ৩০৯টা পৰিয়াললৈ উচ্ছেদ জাননী জাৰি কৰি তেওঁলোকক ১৫ দিনৰ ভিতৰত সেই স্থান এৰি যাবলৈ নিৰ্দেশ দিয়া হৈছিল। কালি উচ্ছেদ অভিযানত ২০ খন বুলড‘জাৰ, ১০ খন ট্ৰেক্টৰ আৰু ২০ খন সৰু-বৰ বাহন ব্যৱহাৰ কৰা হয়। যিকোনো অপ্রীতিকৰ ঘটনা ৰোধ কৰাৰ বাবে অঞ্চলটোত আৰক্ষী-নিৰাপত্তাৰক্ষী নিয়োগ কৰা হয়। উচ্ছেদ অভিযানৰ বাবে অঞ্চলটো চাৰিটা মণ্ডলত ভাগ কৰা হৈছে। দুটা মণ্ডলত একোজনকৈ অতিৰিক্ত আয়ুক্তক নিয়োগ কৰা হৈছে। তদুপৰি ছজনকৈ কাৰ্যবাহী দণ্ডাধীশো নিয়োগ কৰা হৈছে। উচ্ছেদ অভিযানৰ সময়ত যাতে কোনো আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে অঞ্চলটোত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০২৩ৰ ১৬৩ ধাৰা বলৱৎ কৰা হয় ৷