ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 9, 2025 12:24 PM | Evection

printer

উৰিয়ামঘাটৰ উচ্ছেদৰ পিছত আজি সোণাৰী বিলত গছপুলি ৰোপণ কাৰ্যসূচী

উৰিয়ামঘাটৰ উচ্ছেদৰ পৰৱৰ্তি পদক্ষেপ হিচাপে আজি সোণাৰী বিলত গছপুলি ৰোপণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সেউজ বনানিকৰণৰ জৰিয়তে বনাঞ্চলৰ ভূমি ৰক্ষা কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই কাৰ্যসূচীত সকলোকে অংশগ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰে আহ্বান জনাইছে।

ইপিনে গোলাঘাট জিলা প্ৰশাসন আৰু বন বিভাগে কালি মেৰাপানী সীমান্তৰ দৈয়াং বনাঞ্চলৰ ২ নম্বৰ নেঘেৰিবিলত অবৈধভাৱে বাস কৰা ২০৫ টা পৰিয়ালৰ ভিতৰত ১৪৬ টা পৰিয়ালক উচ্ছেদ কৰে। গোলাঘাট জিলাৰ আয়ুক্ত পুলক মহন্তৰ উপস্থিতিত অৰ্ধ শতাধিক এস্কেভেটৰ কেইবাশ বনকৰ্মী, আৰক্ষী আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সহযোগত এই উচ্ছেদ অভিযান চলোৱা হয়। পাছত নেঘেৰিবিলত ৰাজ্যৰ বিশেষ মুখ্য সচিব এম কে যাদৱে পৰিস্থিতিৰ পৰ্যালোচনা কৰে। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত সচিবগৰাকীয়ে অঞ্চলটোত পুনৰ ১৬ আগষ্টৰ পৰা উচ্ছেদ চলিব বুলি প্ৰকাশ কৰে। তেওঁ লগতে উৰিয়ামঘাটতো ১৫ আগষ্টৰ পাছত পুনৰ উচ্ছেদ চলোৱা হ’ব বুলি জানিবলৈ দিয়ে। ইপিনে, নেঘেৰিবিলত উচ্ছেদিত ভূমিক নগা লোকে নিজৰ বুলি দাবী কৰা সন্দৰ্ভত শ্ৰী যাদৱে কয়, যে অসম আৰু নাগালেণ্ড চৰকাৰে বিষয়টো আলোচনা কৰি মীমাংসা কৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।