উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযানৰ পাছত গোলাঘাট জিলা প্ৰশাসন আৰু বন বিভাগে কালি সৰু পথাৰৰ নামবৰ দক্ষিণ সংৰক্ষিত বনাঞ্চলৰ কিছু অংশত উচ্ছেদ চলায়। কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী আৰু নাগালেণ্ড চৰকাৰৰ সহযোগত কালি গেলাজান আৰু ৩ নম্বৰ ৰজা পুখুৰীৰ অবৈধভাৱে দখলীকৃত বনভূমিত শান্তিপূর্ণভাৱে উচ্ছেদ অভিযান সম্পন্ন হয়। অভিযানত ৩৫০টাতকৈ অধিক পৰিয়াল উচ্ছেদ কৰি প্ৰায় এহেজাৰ বিঘা সংৰক্ষিত বনভূমি পুনৰুদ্ধাৰ কৰা হয় ৷
ইপিনে, মেৰাপানীৰ দৈয়াং সংৰক্ষিত বনাঞ্চলৰ নেঘেৰীবিলত অহা ৮ আগষ্টত উচ্ছেদ অভিযানৰ বাবে বন বিভাগ আৰু জিলা প্ৰশাসন তৎপৰ হৈ পৰিছে। অঞ্চলটোত অবৈধভাৱে বসবাস কৰি থকা প্ৰায় ২০৫টা পৰিয়ালক ঘৰ খালী কৰাৰ বাবে জাৰি কৰা জাননীৰ ম্যাদ যোৱা শুকুৰবাৰে উকলি যোৱাত প্ৰশাসনে পৰহিলৈৰ পৰা উচ্ছেদ অভিযানৰ ব্যৱস্থাসমূহ গ্ৰহণ কৰিব আৰু ৮ আগষ্টৰ পুৱা উচ্ছেদ চলাব। ইয়াৰ জৰিয়তে প্ৰায় ৩৫০ বিঘা ভূমি দখলমুক্ত কৰা হ’ব। ইতিমধ্যে গাওঁখনৰ প্ৰায় ৮০ শতাংশ লোক নিজ নিজ বয়বস্তু হৈ অন্য ঠাইলৈ ৰাওনা হৈছে। ইয়াৰে প্ৰায় ৪০ টা পৰিয়ালে গুৱাহাটী উচ্চ ন্যায়ালয়ত কিছু সময় বিচাৰি আবেদন কৰাৰ পাছত তেওঁলোকৰ বাবে এই সময়সীমা ৭ আগষ্টলৈ বঢ়াই দিয়া হৈছিল। অঞ্চলটোত থাকি যোৱা একাংশ লোকেও এতিয়া সেই স্থান এৰি যোৱাৰ বাবে প্ৰস্তুতি চলাইছে বুলি আমাৰ গোলাঘাটৰ সংবাদদাতাই জনাইছে।
ইফালে, বিশ্বনাথ জিলা প্ৰশাসনেও জিলাখনৰ ননকে জাপৰিগুৰিৰ ৩০৭টা পৰিয়াললৈ উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে। চৰকাৰী গো-চৰণীয়া পথাৰৰ ভূমি দখল কৰি থকা এই লোকসকলক ১৫ দিনৰ ভিতৰত সেই ঠাই ত্যাগ কৰিবলৈ জাননী দিয়া হৈছে।