ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 31, 2025 8:10 PM | Evection

printer

ৰেংমা সংৰক্ষিত বনাঞ্চলত চলি থকা উচ্ছেদ অভিযান আজি তৃতীয় দিনা শান্তিপূর্ণভাৱে সম্পন্ন

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত চলি থকা উচ্ছেদ অভিযান আজি তৃতীয় দিনা শান্তিপূর্ণভাৱে সম্পন্ন হয়। আমাৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে আজি পুৱা ৯ বজাৰ পৰা বন বিভাগ আৰু প্ৰশাসনে অঞ্চলটোৰ ২ নম্বৰ দয়ালপুৰ, ৩ নম্বৰ দয়ালপুৰ, ৩ নম্বৰ দলনিপথাৰ, খেৰবাৰী আৰু আনন্দপুৰ গাঁৱত উচ্ছেদ চলায়। আজি পাঁচ শতাধিক বাসগৃহ উচ্ছেদ কৰাৰ লগতে বহু সংখ্যক তামোল বাৰীও উচ্ছেদ কৰা হয়। এই অভিযানত ভালেসংখ্যক এক্সকেভেটৰ, বনকৰ্মী আৰু প্ৰশাসনিক বিষয়া নিয়োগ কৰা হৈছে । গোলাঘাটৰ জিলা আযুক্ত, অতিৰিক্ত জিলা আযুক্ত, আৰক্ষী বিষয়া, কাৰ্যবাহী দণ্ডাধীশকে ধৰি অন্যান্য উচ্চপদস্থ বিষয়া আৰু চি আৰ পি এফৰ সহযোগিতাত এই উচ্ছেদ অভিযান চলোৱা হৈছে। উচ্ছেদ শান্তিপূর্ণভাৱে সম্পন্ন কৰাটো নিশ্চিত কৰিবলৈ অঞ্চলটোত কটকটীযা নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে বুলি আমাৰ সংবাদদাতাই জনাইছে।

ইপিনে ৰাজ্যত বৰ্তমানলৈকে এক লাখ ৩৯ হাজাৰ বিঘা মাটিৰ পৰা দখলকাৰীক উচ্ছেদ কৰা হৈছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি এখন সংবাদমেলত প্ৰকাশ কৰিছে। ইয়াৰে উৰিয়ামঘাটৰ পৰা ১০ হাজাৰ বিঘা মাটি মুক্ত কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।