ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 30, 2025 8:19 PM | Evection

printer

উৰিয়ামঘাটৰ এক নম্বৰ পিঠাঘাট আৰু ২ নম্বৰ পিঠাঘাট অঞ্চলত আজি পুনৰ উচ্ছেদ অভিযান

জিলা প্ৰশাসন আৰু বন বিভাগে গোলাঘাট জিলাৰ ৰেংমা বনাঞ্চলৰ উৰিয়ামঘাটৰ এক নম্বৰ পিঠাঘাট আৰু ২ নম্বৰ পিঠাঘাট অঞ্চলত আজি পুনৰ উচ্ছেদ অভিযান চলায়। অভিযানকালত প্ৰায় দুশটা ঘৰ উচ্ছেদ কৰা হয়। ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক এন কে যাদৱৰ নেতৃত্বত এই অভিযান সম্পন্ন কৰা হয়। কেইবাটাও পৰ্যায়ত চলিবলগীয়া এই অভিযানত দুহেজাৰ ৬০০ৰো অধিক পৰিয়ালক উচ্ছেদ কৰাৰ লগতে প্ৰায় ১১ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰাৰ লক্ষ্য লোৱা হৈছে। বন বিভাগৰ জাননী পোৱাৰ পাছতে অঞ্চলটোৰ পৰা প্ৰায় ৮০ শতাংশ লোক আঁতৰি গৈছে যদিও একাংশ লোক এতিয়াও সেই স্থানতে আছে।

ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয়ে উৰিয়ামঘাটত উচ্চেদিত অঞ্চলৰ ৭৩টা পৰিয়াললৈ সকাহ দি সংশ্লিষ্ট অঞ্চলত ৭ আগষ্ট পর্যন্ত উচ্ছেদ অভিযান নচলাবলৈ নিৰ্দেশ দিছে। এই অভিযান সন্দৰ্ভত ৭৫ জন লোকে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতে কালি এই নির্দেশ প্ৰদান কৰে। ন্যায়ালয়ে লগতে বিষয়টো সন্দৰ্ভত ৰাজ্য চৰকাৰৰ পৰা মতামত বিচাৰে ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।