ইউৰোপীয় শীর্ষ নেতাসকলে আজি ৱাশ্বিংটনত ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিক আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত সংগ দিব। ইউক্রেইনত চলি থকা যুদ্ধৰ শীঘ্ৰে সমাধানৰ বাবে এই বৈঠকৰ আয়োজন কৰা হৈছে। এই উচ্চপৰ্যায়ৰ ইউৰোপীয় প্ৰতিনিধিসকলৰ ভিতৰত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ছাৰ কেইৰ ষ্টাৰমাৰ, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্র’, জার্মান চেঞ্চেলৰ ফ্ৰেডৰিক মাৰ্জ, ইউৰোপীয় আয়োগৰ সভাপতি উর্দূলা ভন ডেৰ লেয়েন আৰু NATO ৰ সাধাৰণ সচিব মাৰ্ক ৰুট আছে। এই নেতাসকলে ইউক্রেইনত জেলেনস্কিৰ শাসন পুনৰ সুদৃঢ় কৰাৰ লগতে কোনোধৰণৰ প্ৰস্তাৱিত শান্তি চুক্তিয়ে যাতে ইউক্রেইনৰ সাৰ্বভৌমত্ব আৰু দীৰ্ঘদিনীয়া সুৰক্ষা ব্যৱস্থা ধ্বংস কৰিব নোৱাৰে সেয়া নিশ্চিত কৰিব বুলি আশা কৰিছে। ইপিনে সামাজিক মাধ্যমৰ এটা বাৰ্তাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ৰাছিয়া সন্দৰ্ভত বিশেষ অগ্রগতি বুলি উল্লেখ কৰে যদিও এইক্ষেত্ৰত কোনো বিৱৰণ নিদিয়ে। ইয়াৰ ফলত ইউক্রেইন-ৰাছিয়াৰ সংঘৰ্ষ সন্দৰ্ভত বিভিন্ন দিশত অনুমান বৃদ্ধি হৈছে।
Site Admin | August 18, 2025 12:34 PM | european leader
ৱাশ্বিংটনত ভ’ল’ডিমিৰ জেলেনস্কি আৰু ড’নাল্ড ট্রাম্পৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত ইউৰোপীয় শীর্ষ নেতাসকলৰ অংশগ্ৰহণ
