ইউৰো কাপ ফুটবলৰ ফাইনেলত স্পেইনৰ ইংলেণ্ডক ২-১ গলৰ ব্যৱধানত পৰাস্ত

■ বাৰ্লিনত অনুষ্ঠিত ইউৰো কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত স্পেইনে, ইংলেণ্ডক ২-১ গলৰ ব্যৱধানত পৰাস্ত কৰি চতুর্থ ইউৰোপীয় ফুটবল চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰিছে। নিকো উইলিয়ামে স্পেইনৰ হৈ প্ৰথমটো গল দিয়ে। ইপিনে, ইংলেণ্ডৰ ক’ল পামৰে খেলৰ ৭৩ মিনিটত এটা গল দিয়ে। ইয়াৰ পাছতেই স্পেইনৰ মিকেল অয়াৰজাবলে খেলৰ ৮৬ মিনিটত দলৰ হৈ বিজয়সূচক গলটো দিয়ে। উল্লেখযোগ্য যে, ২০২০ চনৰ ইউৰো কাপৰ ফাইনেলত ইটালীৰ হাতত পৰাজিত হোৱা ইংলেণ্ড দ্বিতীয়বাৰৰ বাবে ফাইনেলত পৰাজয়ৰ সন্মুখীন হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।