June 30, 2025 12:29 PM | Establish day

printer

বিস্তৃত কাৰ্যসূচীৰে কাইলৈ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ৭৮ সংখ্যক প্রতিষ্ঠা দিৱস আয়োজন

আকাশবাণী গুৱাহাটী কেন্দ্ৰই কাইলৈ ৭৮ সংখ্যক প্রতিষ্ঠা দিৱস বিস্তৃত কাৰ্যসূচীৰে পালনৰ আয়োজন কৰিছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে বিভাগটোৰ উত্তৰণৰ বাবে কাম কৰি যোৱা কেইবাগৰাকীও প্রয়াত সহকৰ্মীৰ আলোকচিত্ৰ বাতৰি বিভাগৰ লবীত স্থাপনৰ ব্যৱস্থা কৰিছে। প্রয়াত সহকর্মী কেইগৰাকীৰ পৰিয়ালে আগবঢ়োৱা এই আলোকচিত্ৰকেইখন কাইলৈ আনুষ্ঠানিকভাৱে স্থাপন কৰা হ’ব। প্ৰতিষ্ঠা দিৱস উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই কাইলৈ দিনৰ ১০ বজাত গুৱাহাটীৰ উজানবজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত এটা অন্তৰংগ অনুষ্ঠানৰ আয়োজন কৰিছে। ইয়াৰ লগতে সন্ধিয়া চাৰে ৬ বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰই ৰঙিয়াৰ হৰদত্ত-বীৰদত্ত ভৱনত ‘ওপজা দিনৰ সুবাস’ শীৰ্ষক এটা সংগীতানুষ্ঠানৰ আয়োজন কৰিছে। অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী দিলীপ দাসৰ গীত আৰু আলাপ, ডম্বৰুধৰ পাঠক আৰু জবা দাসৰ লোকগীত, উৎপল বৰাৰ মেন্দোলিন বাদন আৰু ৰঙিয়াৰ সমন্বয়ী কলাকেন্দ্ৰৰ শিল্পীসকলৰ নৃত্যানুষ্ঠান পৰিৱেশন কৰা হ’ব। উল্লেখযোগ্য যে আকাশবাণী গুৱাহাটীয়ে ৭৭ বছৰ ইতিহাসত এইবাৰ প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ বাহিৰত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ আয়োজন কৰিছে।