ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

নকল ভোটদাতা ফটো পৰিচয় পত্ৰঃ ৩ মাহৰ ভিতৰত সমস্যা সমাধানৰ সিদ্ধান্ত নির্বাচন আয়োগৰ

নির্বাচন আয়োগে নকল ভোটদাতা ফটো পৰিচয় পত্ৰ অৰ্থাৎ ই পি আই চি নম্বৰৰ দীৰ্ঘদিনীয়া সমস্যাটো অহা ৩ মাহৰ ভিতৰত সমাধান কৰাৰ সিদ্ধান্ত লৈছে। আয়োগে কালি এটা বিবৃতিৰ জৰিয়তে এই কথা প্ৰকাশ কৰে। কাৰিকৰী দল আৰু সংশ্লিষ্ট মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে আলোচনাৰ অন্তত আয়োগে নকল ই পি আই চি নম্বৰ থকা ভোটদাতাসকলৰ বাবে এটা ৰাষ্ট্ৰীয় ই পি আই চি নম্বৰ সুনিশ্চিত কৰাৰ সিদ্ধান্ত লয়।

এই অনন্য ই পি আই চি নম্বৰৰ জৰিয়তে এতিয়াৰে পৰা নিৰ্দিষ্ট ভোট কেন্দ্ৰত নাম উল্লেখ থকা ভোটদাতাইহে সেই ভোটকেন্দ্ৰত ভোটদান কৰিব পাৰিব। উল্লেখযোগ্য যে ৯৯ কোটিৰো অধিক ভোটদাতাই পঞ্জীয়ন কৰা ভাৰতবৰ্ষৰ ভোটদাতাৰ তালিকা হৈছে বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ ভোটদাতাৰ তথ্য সমৃদ্ধ তালিকা।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।