বিশ্ব পৰিৱেশ দিৱসৰ পূৰ্বে চৰকাৰে আজি ৰাষ্ট্ৰজুৰি, ” এখন দেশ, এটা অভিযান : প্লাষ্টিক প্ৰদূষণ নির্মূল” শীৰ্ষক এটা সজাগতামূলক অভিযানৰ শুভাৰম্ভ কৰে। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰৰ যাদৱে, পূৰ্বৰ এটা ভিডিঅ‘ সামাজিক মাধ্যমত প্ৰকাশ কৰি, প্লাষ্টিকৰ ব্যৱহাৰৰ অৱসান ঘটাই বহনক্ষম জীৱনযাত্ৰাৰ বাবে সমূহীয়া সজাগতা গ্ৰহণৰ বাবে জনসাধাৰণক আহ্বান জনায়। মন্ত্ৰালয়ে এটা বিবৃত্তিৰ জৰিয়তে কয় যে এই অভিযানে ভাৰতৰ প্ৰথম গুৰুত্বপূৰ্ণ অভিযান ‘পৰিৱেশৰ বাবে জীৱনযাত্ৰা‘ৰ লগতে পৰিৱেশৰ নিৰাপত্তা আৰু ভাৰসাম্যতা ৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিৱদ্ধতাক আলোকপাত কৰিছে।
Assamese | May 22, 2025 8:16 PM | world environmental day
“এখন দেশ, এটা অভিযান: প্লাষ্টিক প্ৰদূষণ নির্মূল” শীৰ্ষক সজাগতামূলক অভিযানৰ শুভাৰম্ভ