জাপানিজ এনকেফেলাইটিছৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ বিভিন্ন ঠাইত প্রতিষেধক প্রদান কাৰ্যসূচী চলি আছে। এই কাৰ্যসূচীৰ অংশ হিচাপে ধুবুৰী জিলাত প্রাপ্তবয়স্কসকলৰ বাবে বিনামূলীয়াকৈ জাপানিজ এনকেফেলাইটিছৰ প্ৰতিষেধক প্ৰদান কৰি থকা হৈছে। ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সহকাৰী সঞ্চালক ডাঃ সবিতা দাস আৰু অতিৰিক্ত আয়ুক্ত পিনজ্যোতি নাথে কালি প্ৰতিষেধক প্ৰদান কাৰ্যসূচী শুভাৰম্ভ কৰে। জিলাখনৰ মুখ্য স্বাস্থ্য বিষয়াই জনোৱা মতে ২১ জানুৱাৰীলৈ চলিবলগীয়া এই অভিযানৰ অধীনত ১৫ বছৰ ঊৰ্ধ্বৰ সকলো নাগৰিকক বিনামূলীয়াকৈ প্ৰতিষেধক দিয়া হ’ব। ধুবুৰীত জিলাত ৮ লাখ ৭৯ হাজাৰ ৭৫২ জন লোকক প্রতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে। শ্রীভূমি জিলাতো কালিৰে পৰা ১৫ বছৰৰ পৰা ৬৫ বছৰৰ লোকসকলৰ বাবে জাপানিজ এনকেফেলাইটিছৰ বিনামূলীয়া প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।
Site Admin | January 9, 2026 1:50 PM | encephelaitis
জাপানিজ এনকেফেলাইটিছৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ বিভিন্ন ঠাইত প্রতিষেধক প্রদান