ইজৰাইল আৰু ইৰাণৰ মাজত সৃষ্টি হোৱা যুদ্ধ উত্তেজনাৰ পৰিপ্ৰেক্ষিতত ইজৰাইলত থকা ভাৰতীয় দূতাবাসে নাগৰিকসকলৰ বাবে এলানি পৰামৰ্শ জাৰি কৰিছে। সামাজিক মাধ্যমযোগে দূতাবাসৰ এটা সূত্ৰই কয়, যে ইজৰাইলত থকা ভাৰতীয় ব্যৱসায়ী, পৰ্যটকৰ দল, শিক্ষাৰ্থী আৰু শ্রমিককে ধৰি সকলো ভাৰতীয় নাগৰিকৰ সৈতে দূতাবাস যোগাযোগত আছে। নাগৰিকসকলৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি দূতাবাসে প্ৰকাশ কৰিছে। ইজৰাইলত থকা ভাৰতীয় নাগৰিকৰ সুবিধার্থে দূতাবাসে ৯৭২ ৫৪-৭৫২০৭১১ আৰু ৯৭২ ৫৪-৩২৭৮৩৯২ হেল্পলাইন নম্বৰ দুটা মুকলি কৰি দিছে।
ইপিনে ইৰাণৰ ৰাজধানী তেহৰাণত থকা ভাৰতীয় দূতাবাসেও কেতবোৰ পৰামৰ্শ জাৰি কৰাৰ লগতে ভাৰতীয় সকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিছে। বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে এটা বিবৃতি যোগে জনাইছে যে ভাৰতীয় শিক্ষাৰ্থীৰ কেইবাটাও গোটক ইতিমধ্যে ইৰাণৰ সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হৈছে ৷